আঞ্চলিক সংবাদ

June 10, 2025 12:46 PM June 10, 2025 12:46 PM

views 9

মুখ্যমন্ত্ৰীৰ সৈতে ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৰ বৈঠক

অসম আৰু মেঘালয়ত ছদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৱে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দেশখনৰ সৈতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, প্রয...

June 10, 2025 12:43 PM June 10, 2025 12:43 PM

views 14

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত এক কোটি ৭৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহ সংগ্রহ যথেষ্ট বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত উদ্যানখনৰ পৰা এক কোটি ৭৩ লাখতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ৬০ হাজাৰ ৯১২ গৰাকী ঘৰুৱা আৰু তিনি হাজাৰ ৪২৬ গৰাকী বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যান...

June 10, 2025 12:40 PM June 10, 2025 12:40 PM

views 15

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে বিস্তৃত ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত প্রতিবেদন কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত সমিতিখনে এই প্রতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰে। প্ৰতিবেদন গ্রহণ কৰি মুখ্যমন্ত্ৰী ড° শ...

June 10, 2025 12:35 PM June 10, 2025 12:35 PM

views 19

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। অহা ১০০ বছৰলৈ জনজাতীয় লোকৰ ভূমি উচ্ছেদৰ বাবেও চৰকাৰে পৰিকল্পনা কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনজাতীয় লোকসক...

June 10, 2025 12:08 PM June 10, 2025 12:08 PM

views 6

চৰকাৰৰ যোৱা ১১ বছৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীত আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত কৰা হৈছে। বিগত দশকটোত ভাৰতে সংহত পৰিৱেশৰ সৈতে জড়িত ...

June 9, 2025 7:54 PM June 9, 2025 7:54 PM

views 23

কোকৰাঝাৰত হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন

বিটিআৰ প্ৰশাসনে আজি কোকৰাঝাৰ জিলাৰ শিলবাৰী খেলপথাৰত এখন হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কত হিতাধিকাৰীসকলক সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা সমাজত এনে আঁচনিসমূহৰ প্ৰভাৱ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ...

June 9, 2025 7:49 PM June 9, 2025 7:49 PM

views 3

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশী, আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ

যোৱা ২৩ মে'ত মেঘালয় ভ্ৰমণৰ বাবে আহি দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ লগতে আন তিনিজন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত...

June 9, 2025 7:45 PM June 9, 2025 7:45 PM

views 3

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ, অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্র দাখিল

অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্র দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত...

June 9, 2025 7:41 PM June 9, 2025 7:41 PM

views 13

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিমান বন্দৰ, ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে। আজি দিছপুৰত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত পৰিবহণ মন্ত্রী যোগেন মহনে এই সন্দৰ্ভত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে সৰ্বসন্মতিক্রমে গ্...

June 9, 2025 1:21 PM June 9, 2025 1:21 PM

views 6

ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত

আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট'ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সংকল্পবদ্ধতাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্য...