সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত কৰা হৈছে।
বিগত দশকটোত ভাৰতে সংহত পৰিৱেশৰ সৈতে জড়িত সংৰক্ষণৰ দ্বাৰা সৰ্বাত্মক বিকাশৰ বাবে এটা উন্নয়নৰ আৰ্হি প্ৰস্তুত কৰিছে। নদীসমূহৰ পুনৰুজ্জীৱিতকৰণেৰে পৰিৱশ তন্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এটা সেউজ আন্তঃগাঁথনি সৃষ্টি কৰিছে। নমামি গংগা অভিযান হৈছে – পৃথিৱীৰ সৰ্ববৃহৎ পুনৰুজ্জীৱিতকৰণ আঁচনি। এই আঁচনিৰ জৰিয়তে পানীৰ গুণগত মান উন্নত কৰা, জৈৱ বৈচিত্ৰ বৃদ্ধি আৰু গংগা পুনৰুজ্জীৱিতকৰণত স্থানীয় লোকৰ অংশগ্রহণক অনুপ্ৰেৰণা যোগোৱা হৈছে। স্বচ্ছ ভাৰত অভিযান আৰু গোৱৰ্ধন যোজনাৰ জৰিয়তে অনাময় আৰু পেলনীয়া সামগ্রী নিষ্কাশন ব্যৱস্থাপনাত সংস্কাৰ সাধন কৰা হৈছে।
এক পেড় মা কে নাম আঁচনিৰ জৰিয়তে নাগৰিকসকলক পৰিৱেশ সংৰক্ষণৰ সৈতে সক্রিয়ভাৱে জড়িত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে দেশত ১৪২ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। ভাৰতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছে। চিতা বাঘ, সিংহ আদিৰ দৰে প্ৰাণীৰ সংৰক্ষণ আৰু বাসস্থানৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। ভাৰতত বৰ্তমান ৯১ টা ৰামচাৰ ক্ষেত্ৰ আছে। শেহতীয়াকৈ ৰাজস্থানত দুটাকৈ ৰামচাৰ ক্ষেত্ৰৰ সংযোজন ঘটিছে।