মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহ সংগ্রহ যথেষ্ট বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত উদ্যানখনৰ পৰা এক কোটি ৭৩ লাখতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ৬০ হাজাৰ ৯১২ গৰাকী ঘৰুৱা আৰু তিনি হাজাৰ ৪২৬ গৰাকী বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিছে। ২০২৩-২৪ বৰ্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় এক কোটি ৪০ লাখ। এই সময়ছোৱাত ৫০ হাজাৰ ৫১৫ গৰাকী ঘৰুৱা আৰু এহেজাৰ ৮১৬ গৰাকী বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ২০২২-২৩ বৰ্ষত ৫৫ হাজাৰ ২৫৭ গৰাকী ঘৰুৱা আৰু ৯২৪ গৰাকী বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় এক কোটি ৩৫ লাখ। বি টি আৰত বৰ্তমান বিৰাজ কৰা শান্তি আৰু সুস্থিৰ পৰিৱেশ উদ্যানখনত পৰ্যটকৰ আগমন বৃদ্ধিৰ প্ৰধান কাৰকৰূপে চিহ্নিত হৈছে। লগতে উদ্যানখনত চলি থকা সংৰক্ষণমূলক কাম-কাজ, জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু স্থানীয় জনগোষ্ঠীৰ সংক্রিয় অংশগ্রণেও পর্যটকক উদ্যানখনলৈ আকৃষ্ট কৰিছে।
উল্লেখযোগ্য যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰা মানস ৰাষ্ট্ৰীয় উদ্যান ব্যঘ্ৰ সংৰক্ষিত উদ্যান ৰূপেও সুপৰিচিত।
Site Admin | June 10, 2025 12:43 PM | Manas National Park
মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত এক কোটি ৭৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ
