ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2025 12:35 PM | CM

printer

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। অহা ১০০ বছৰলৈ জনজাতীয় লোকৰ ভূমি উচ্ছেদৰ বাবেও চৰকাৰে পৰিকল্পনা কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনজাতীয় লোকসকলে বাস কৰা চাহ বাগিচা অঞ্চলত চেটেলাইট টাউনশ্বিপ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰা বিষয়টো উত্থাপন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে টাউনশ্বিপ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাটো ভুল তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰচাৰ কৰা হৈছে। ৰাভা সম্প্রদায় বা বানে ভগা মানুহৰ সম্পত্তি উচ্ছেদ কৰাৰ বাবে চৰকাৰে কোনো পৰিকল্পনা কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ ৰাক্ষসিনীত উচ্ছেদ চলোৱা হ’ব বুলি প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাত ট্রাইবেল বেল্ট আৰু ব্লকত বহু লোকে অবৈধভাৱে বসতি লৈ থকা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত প্ৰকাশ কৰিছে। ৰাক্ষসিনি ভূমিও জনজাতীয় বেল্টৰ ভূমিৰূপে সংৰক্ষণ হোৱাৰ প্রয়োজন বুলি ড° শৰ্মাই কয়।

ইপিনে, ডিব্ৰুগড়ৰ বিমান বন্দৰ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাব সদনত গৃহীত হোৱাৰ পাছত তেজপুৰৰ বিমান বন্দৰটো জ্যোতি-বিষ্ণু নামেৰে নামকৰণ কৰাৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক