আঞ্চলিক সংবাদ

June 3, 2025 1:45 PM June 3, 2025 1:45 PM

views 9

চামছুল ইছলামক আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত যোৰহাট আৰক্ষীৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত যোৰহাটৰ সেনা চাউনীৰ পৰা গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ বিলাসীপাৰা খাচবাৰীৰ চামছুল ইছলামক কালি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে লোকজনে ব্যৱহাৰ কৰা ম'বাইল ফোনটো জব্দ কৰিছে। সেনা চাউনীত এগৰাকী ঠিকাদাৰৰ অধীনত কাম কৰা লোকজনে পাকিস্তানৰ...

June 3, 2025 1:44 PM June 3, 2025 1:44 PM

views 12

প্রধানমন্ত্ৰীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত

দৰং জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়, ৰিংৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দি...

June 3, 2025 1:42 PM June 3, 2025 1:42 PM

views 3

আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। তেওঁ বিদায়ী সভাপতি ভূপেন বৰাই দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে।...

June 3, 2025 1:39 PM June 3, 2025 1:39 PM

views 14

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ ৬৬ খন গাঁও বৰ্তমানলৈকে বানত প্লাবিত

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ মৰাণ, ডিব্ৰুগড় পূব, তিংখং, নাহৰকটীয়া, টেঙাখাট আৰু ডিব্ৰুগড় পশ্চিমৰ প্ৰায় ৬৬ খন গাঁও বৰ্তমানলৈকে প্লাবিত হৈছে। ইয়াৰ ফলত ২০ হাজাৰ ১৭৯ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় এহেজাৰ ৬০২ দশমিক ৭-৮ হেক্টৰ শস্যভূমিৰ ক্ষতি হৈছে। ডিব্ৰুগড় জিলা প্রশাসনে...

June 3, 2025 1:36 PM June 3, 2025 1:36 PM

views 14

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত উপস্থিত মুখ্যমন্ত্ৰী

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি জিলাখনত উপস্থিত হৈছে। তেওঁ শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সৈতে কথা পাতে। মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল আদ...

June 3, 2025 1:29 PM June 3, 2025 1:29 PM

views 7

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বার্তালাপ

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয়। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ভালেসংখ্যক লোকৰ ওপৰত পৰা ইয়...

June 3, 2025 1:21 PM June 3, 2025 1:21 PM

views 7

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি আজি অৰুণাচল প্ৰদেশ, পূব ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, কেৰালা, মাহে, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড আদি অঞ্চলতো মুষলধাৰ বৰষুণ হ'ব পাৰে। ই...

June 3, 2025 1:14 PM June 3, 2025 1:14 PM

views 20

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়া বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ২২ খন জিলাৰ ৫ লাখ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত শেহতীয়া বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত ডিব্ৰ...

June 3, 2025 1:07 PM June 3, 2025 1:07 PM

views 11

বানৰ কবলত পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাত বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উদ্যানখনৰ ২৩৩ টা বন শিবিৰৰ ৫৩ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। হালধীবাৰী মালানি অঞ্চলত থকা পহুৰ জাকে উচ্চ স্থান বিচাৰি কাৰ্বি...

June 3, 2025 1:05 PM June 3, 2025 1:05 PM

views 16

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াৰ জটিল ৰূপ ধাৰণ

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। ছিকিমত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত তিনিজন সেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ ছিকিমত লাচুং আৰু চুংথাঙত আবদ্ধ হৈ পৰা এহেজাৰ ৬৭৮ গৰাকী পৰ্যটকক কালি নিৰাপ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।