ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2025 1:05 PM | landslide

printer

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াৰ জটিল ৰূপ ধাৰণ

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। ছিকিমত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত তিনিজন সেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ ছিকিমত লাচুং আৰু চুংথাঙত আবদ্ধ হৈ পৰা এহেজাৰ ৬৭৮ গৰাকী পৰ্যটকক কালি নিৰাপদে উদ্ধাৰ কৰা হয় যদিও শতাধিক পর্যটক এতিয়াও লাচেনত আবদ্ধ হৈ আছে বুলি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান অক্ষয় সচদেৱাই প্ৰকাশ কৰিছে। মিজোৰামত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে কালি তৃতীয় দিনাও ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হয়। ৰাজ্যখনত বান আৰু ভূমিস্খলনৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত মিজোৰামৰ ২১১ টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ বিভিন্ন স্থানতো বান আৰু ভূমিস্খলনৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ ছোহৰাৰ এটা জলপ্ৰপাতৰ সমীপত কালি ২৪ মে’ত সন্ধানহীন হোৱা মধ্যপ্ৰদেশৰ এজন পৰ্যটকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মণিপুৰত দেওবাৰে নিশাৰ পৰা বৰষুণ হ্ৰাস পাইছে যদিও বিভিন্ন অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। ৰাজ্যখনত ৫৬ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু বানৰ ফলত ১০ হাজাৰৰো অধিক গৃহ ধ্বংস হৈছে। দুহেজাৰ ৯০০ ৰো অধিক বানত আবদ্ধ লোকক বাহিনীসমূহে সুৰক্ষিত স্থানলৈ লৈ আহিছে। ৰাজ্যখনত ৫৭ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। মণিপুৰৰ পূব ইম্ফল, সেনাপতি আৰু পশ্চিম ইম্ফল জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন স্থান প্লাৱিত হৈ থকাৰ বাবে ৬৬ টা আশ্রয় শিবিৰত ১০ হাজাৰ ৮০০ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা আৰু গোমতী জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে।

ৰাজ্যকেইখনত এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় প্ৰশাসনে ২৪ ঘণ্টাই ক্ষতিগ্রস্ত লোকসকলক সহায় আৰু উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক