আঞ্চলিক সংবাদ

July 4, 2025 7:31 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি পোৱা বাতৰি পোৱা গৈছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰী...

July 4, 2025 6:56 PM

views 20

ডাঃ ৰূপলিন ৰংপিপিৰ মৃত্যুত ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ ডাঃ ৰূপলিন ৰংপিপি নামৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ চিকিৎসকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা শোকবার্তাত কাৰ্বি সমাজে চিকিৎসকগৰাকীৰ অৱদান সদায় মনত ৰাখিব বুলি উল্লেখ কৰে। চিকিৎসাবৃত্তিৰ সমান...

July 4, 2025 6:54 PM

views 15

৭৬ সংখ্যক বন মহোৎসৱ উপলক্ষে মৰঙিত এখন সভা অনুষ্ঠিত

গোলাঘাট বন সংমণ্ডল প্ৰাধীকাৰী কাৰ্যালয়ৰ সহযোগত আৰু আঞ্চলিক বন সুৰক্ষা বাহিনীৰ সহযোগত ৭৬ সংখ্যক বন মহোৎসৱ উপলক্ষে মৰঙিৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি এখন সভা অনুষ্ঠিত হয়। বন মহোৎসৱ উপলক্ষে বিদ্যালয় চৌহদত কেইবাটিও গছপুলি ৰোপণ কৰা সভাত খুমতাইৰ বিধায়ক মৃণাল শ‍ইকীয়া ...

July 4, 2025 6:51 PM

views 17

গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ, ৰসায়ন অথবা জীৱ বিজ্ঞানৰ যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ’লেই হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা

গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানৰ ভিতৰত যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ'লেই হ'ব বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমগ্ৰ বিষয়টোক লৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণৰ পাছতে বিভাগে পাছকোৰ্চৰ...

July 4, 2025 6:39 PM

views 23

ওদালগুৰিৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন বিশ্বজিৎ দৈমাৰীৰ

অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ শুক্লাইত নেহেৰু মেমোৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কমল মেধি, বিশিষ্ট সমাজকর্মী জৌশ্রাং বড়ো আৰু ফতিক কছাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক, প...

July 4, 2025 6:37 PM

views 34

সুগন্ধী পখিলাৰ কবিক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ

সুগন্ধী পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰেম আৰু ৰ'দালিৰ কবি হিচাপেও পৰিচিত হীৰুদাৰ সৰল প্ৰকাশেৰে তুলি ধৰা কাব্য সম্ভাৰে দেশপ্রেম, সমাজ সচেতনতা আৰু মানৱতাৰ বিচিত্র অনুভবেৰে সকলোকে মন্ত্রমুগ্ধ কৰি আহিছে। অসমীয়া সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ হীৰুদাৰ ...

July 4, 2025 6:35 PM

views 13

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে’লপথছোৱা পুনৰ মুকলি

ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে'লপথছোৱা পুনৰ ৰে'ল চলাচলৰ বাবে মুকলি কৰা হৈছে। ডিমা হাচাও জিলাৰ দিহাখো আৰু মুপা ষ্টেছনৰ মাজৰ ৰে'লপথছোৱা কালি বৃহৎ‍ শিল আৰু মাটি খহি অহাৰ ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে সূত্ৰৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মত...

July 4, 2025 6:33 PM

views 20

তামুলপুৰত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাবৰ পৰ্যালোচনা কৰে। যুৱ প্ৰজন্ম আৰু মহিলাসকলক আ...

July 4, 2025 1:03 PM

views 29

অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে। অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কার্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব।

July 4, 2025 1:02 PM

views 31

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ খৰ্গৰ ডি এন এ নমুনা সংগ্ৰহৰ কাম আৰম্ভ হৈছে। ২০২১ বৰ্ষত প্রশাসনে মুঠ দুহেজাৰ ৪৭৯টা গড়ৰ খৰ্গ দাহ কৰিছিল। দাহ কৰাৰ পূৰ্বে খৰ্গসমূহৰ কিছু অংশ সংৰক্ষণ কৰা হৈছিল আৰু সেই অংশসমূহৰ পৰাই এতিয়া ডি এন এ নমুনা সংগ্ৰহ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ ভিগনেছে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।