আঞ্চলিক সংবাদ

July 6, 2025 1:08 PM

views 30

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাত জিলাখনত আনন্দৰ জোৱাৰ

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰা জিলাখনত আনন্দৰ জোৱাৰ উঠিছে। চৰকাৰে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মাজুলীৰ ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্ধাৰণ কৰিছে। এই অনুসৰি মাজুলীত যিকোনো লোকে ভূমি ক্রয়-বিক্রয় কৰিব নো...

July 6, 2025 1:01 PM

views 34

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছেঃ দৃষ্টিপাতত সাংবাদিক শচীন গগৈ

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছে। দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈয়ে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এই কথা প্রকাশ কৰে। সম্প্ৰতি অসমত ব্...

July 6, 2025 12:55 PM

views 8

২০২৬ৰ জানুৱাৰীৰ পৰা গুৱাহাটীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব

অহা বছৰ জানুৱাৰীৰ পৰা মহানগৰীৰ জি এছ ৰোডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎচালিত তথা চি এন জি বাছহে চলাচল কৰিব পাৰিব। এই সন্দৰ্ভত কালি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফতাবৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ইয়াৰ ফলত জি এছ ...

July 6, 2025 12:46 PM

views 14

প্রসিদ্ধ বুৰঞ্জীবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ দেহাৱসান

প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ আজি পুৱতি নিশা প্রায় ৩ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰা উদয়াদিত্য ভৰালীয়ে শৈক্ষিক ক্ষেত্ৰৰ লগতে নানান সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰিছিল...

July 6, 2025 12:34 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে ৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬৭ জন লোক আক্ৰান্ত হৈছে। একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ২৬ জন লোক নিহত আৰু ৪৪৩ জন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত ডেংগিত ১৪৭ জন আৰু মেলেৰিয়...

July 6, 2025 12:16 PM

views 21

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। ১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নি...

July 5, 2025 8:23 PM

views 15

সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত

ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্তই এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজী প্ৰেছ ক্লাৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰা এই প্রতিবাদী সভাত মাধুৰ্য্য শ‍ইকীয়া নামৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকীক আক্ৰমনৰ ঘটনাত জড়ি...

July 5, 2025 8:21 PM

views 30

দক্ষিণ শালমাৰাত বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে আজি মানকাচৰ, কাকৰিপাৰা এলেকাত অভিযান চলাই বিভিন্ন দোকানত নিয়োজিত ৮টি শিশুক উদ্ধাৰ কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নিৰ্দেশ মৰ্মে জিলা সহকাৰী আয়ুক্ত নন্দিতা চহৰীয়াৰ নেতৃত্বত আৰক্ষী আৰু সমাজ কল্যাণ বিভাগে শিশু শ্রমিককেইটিক উদ্ধাৰ কৰি হাটশিঙিমাৰী শিশুগৃহত গত...

July 5, 2025 8:19 PM

views 16

পৱিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত এটা প্ৰতিনিধি দল আজি নিশা মালয়েছিয়ালৈ ৰাওনা

বৈদেশিক ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেশৰ এটা প্ৰতিনিধি দলৰ নেতৃত্ব লৈ আজি নিশা মালয়েছিয়ালৈ ৰাওনা হ'ব। সন্মিলনত তিনিখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব। প্ৰতিনিধি দলটোৱে সন্মিলনৰ আপাহতে বহুকেইখন দেশৰ বিদেশ মন্ত্ৰীৰ সৈত...

July 5, 2025 8:16 PM

views 17

কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যান-জট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।