ডাউনলোড
মোবাইল এপ

android apple
signal

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বার্তালাপ

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয়। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ভালেসংখ্যক লোকৰ ওপৰত পৰা ইয়াৰ প্রভাব সন্দৰ্ভত প্রধানমন্ত্ৰীগৰাকীক অৱগত কৰায়। ৰাজ্য চৰকাৰৰ সহযোগত সাহায্য অভিযান চলি থকাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ড০ শর্মাই লগতে জনায় যে, বান পীড়িতসকলক সাহায্য আৰু পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমর্থন আগবঢ়াব। ইপিনে ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং টামাঙে বান, ভূমিস্খলন আদি প্রাকৃতিক দুৰ্যোগৰ সৈতে ছিকিমে যুঁজি থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সহায় আৰু সাহায্যৰ সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্রকাশ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে, বান আৰু ভূমিস্খলনৰ ঘটনাৰ প্ৰতি ছিকিম চৰকাৰে সঁহাৰি জনাই সমর্থন আগবঢ়াইছে। তেওঁ লগতে কয়, যে জিলা প্রশাসনে বান পৰিস্থিতি চম্ভালিবৰ বাবে ৰাজ্য প্ৰশাসনে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক