আঞ্চলিক সংবাদ

June 5, 2025 9:48 PM June 5, 2025 9:48 PM

views 4

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসত বিশেষ প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ প’ৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিবলৈ সকলোকে পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্য চৰক...

June 5, 2025 9:46 PM June 5, 2025 9:46 PM

views 40

প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে- প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেড় মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে জিলাসমূহৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰো...

June 5, 2025 9:43 PM June 5, 2025 9:43 PM

views 12

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰ...

June 5, 2025 9:41 PM June 5, 2025 9:41 PM

views 9

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুব...

June 5, 2025 9:39 PM June 5, 2025 9:39 PM

views 7

আকাশবাণী গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত ১১টা বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত

কেন্দ্ৰত শাসনাধিস্থিতিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় ...

June 5, 2025 9:37 PM June 5, 2025 9:37 PM

views 9

আকাশবাণী গুৱাহাটীৰ অহা ৭ জুনৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেইগৰাকীমান বাতৰি পঢ়োৱাৰ সৈতে অন্তৰংগ আলাপ

আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত। কিন্তু আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনে কেইগৰাকীমান বাতৰি পঢ়োতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ৭ জুনৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ ল...

June 5, 2025 9:34 PM June 5, 2025 9:34 PM

views 5

মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা

অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা কৰা হৈছে। পৰিৱেশ বহন ক্ষমতাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই ঘোষণা কার্যকৰী কৰা হ'ব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাসে এই বিষয়ে সদৰী কৰি কয়, যে দেশৰ পূৰ্বাঞ্চল...

June 5, 2025 9:32 PM June 5, 2025 9:32 PM

views 7

সামাজিক মাধ্যমত পক্ষী নিধনৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ধেমাজিৰ চিমেন চাপৰিৰ ৩জন যুৱকক গ্ৰেপ্তাৰ

ধেমাজি আৰক্ষীৰ সহযোগত বন বিভাগে সামাজিক মাধ্যমত পক্ষী নিধনৰ ভয়াৱহ দৃশ্য আপলোড কৰাৰ অভিযোগত চিমেন চাপৰি অঞ্চলৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক কেইজন চিমেনচাপৰি থানাৰ অন্তৰ্গত হস্তিনাপুৰৰ মুনীন্দ্ৰ মুছাহাৰী, লামকা গাঁৱৰ মহেশ্বৰ স্বৰ্গীয়াৰী আৰু শিৱৰাম স্বৰ্গীয়াৰী বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ ...

June 5, 2025 9:30 PM June 5, 2025 9:30 PM

views 8

গুবাহাটীৰ সাপ্তাহিক বজাৰত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলক কোনো ধৰণৰ মাচুল নিদিয়াকৈ ব্যৱসায়ৰ সুবিধা

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনৰ সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰা অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলে লেচী বজাৰসমূহত কোনো ধৰণৰ মাচুল নিদিয়াকৈ এতিয়াৰ পৰা ব্যৱসায় কৰিব পাৰিব বুলি ঘোষণা কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি বেলতলা সাপ্তাহিক ব...

June 5, 2025 9:27 PM June 5, 2025 9:27 PM

views 4

স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

স্নাতকোত্তৰ শিক্ষক পদৰ বাবে আজি ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ লগতে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ আৰু বঙাইগাঁও জিলাত এই নথি পৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। আজি গুৱাহাটী পাণবজাৰৰ বি...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।