গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ প’ৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিবলৈ সকলোকে পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্য চৰকাৰে বনভূমিৰ সুৰক্ষাৰ বাবে আন এটা নতুন প’ৰ্টেল মুকলি কৰিছে। এই প’ৰ্টেলৰ জৰিয়তে কৃত্রিম বুদ্ধিমত্তা আৰু ছেটেলাইটৰ সহায়ত যিকোনো ঠাইত বন ধ্বংস কৰা কাৰ্য শীঘ্ৰেই প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। ড° শৰ্মাই এই অনুষ্ঠানতে তৃতীয় বন সুৰক্ষা বাহিনীক প্রয়োজনীয় অস্ত্র-শস্ত্ৰ বিতৰণ কৰে। ইয়াৰ ফলত বন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে স্বতন্ত্ৰ আৰু শক্তিশালীভাৱে কাম কৰি যাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থকা আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ বাবে ১৩০ খন বাহন মুকলি কৰে ৷
Site Admin | June 5, 2025 9:48 PM | cm kalakshetra portal
গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসত বিশেষ প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
