প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে- প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেড় মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে জিলাসমূহৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয় ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ আৰু গছপুলি বিতৰণ কৰে।
কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত বহু শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাতৃৰ সৈতে গছপুলি ৰোপণ কৰি ছেল্ফি লোৱাৰ লগতে ফটোসমূহ নিৰ্ধাৰিত প’ৰ্টেলত আপলোড কৰে। জিলাখনত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানেও বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে। মহাবীৰ লাচিত সেনা অসমে পৰিৱেশৰ প্ৰতি সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি মহানগৰীৰ বিভিন্ন স্থানত প্ৰকৃতি সুৰক্ষা জীৱন ৰক্ষা নামৰ এখন বাটৰ নাট প্ৰদৰ্শন কৰে। চচল যুৱ সংঘৰ উদ্যোগত আৰু চচল আঞ্চলিক উন্নয়ন সমিতি, চচল জনজাতি মহিলা সমিতি, চচল সাহিত্য চ’ৰা সমিতি, শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সংস্কৃতি কেন্দ্ৰ আৰু চচল ছয়মাইল মহিলা সমিতিৰ সহযোগত এই দিৱস পালন কৰা হয়।
গোৱালপাৰা জিলা বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে উৰপদ বিলত আজি গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু গোৱালপাৰা সংমণ্ডল প্ৰাধিকাৰী তেজেশ মাৰিয়াস্বামী উপস্থিত থাকে। জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলেও আমজঙাৰ দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত চিৰাঙৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাটৰ নাট পৰিৱেশন কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰে। কামৰূপ, মৰিগাঁও, বিশ্বনাথ, দৰং, নলবাৰী, বৰপেটা, দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু কাছাৰ জিলাতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত এই দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অক্ষৰ ফাউণ্ডেচনৰ সহযোগত এখন পর্যালোচনা আৰু সজাগতা সভা অনুষ্ঠিত হয়।
ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাটৰ লগতে ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাতো প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেড় মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰোপণ কৰা হয়৷
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত নদীৰ অসুখ শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ডিব্ৰুগড় জিলা মানকটা প্রগতি মধ্য ইংৰাজী বিদ্যালয়ত এই দিৱস উপলক্ষে সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰোপণ কৰা হয়।
মাজুলী জিলা বন বিভাগৰ উদ্যোগত চামগুৰি সত্ৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। বিধায়ক ভুৱন গামে এই কাৰ্যসূচী উদ্বোধন কৰে। ধেমাজি জিলাতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলাৰ বিভিন্ন থানাৰ লগতে তুলসীবাৰীত থকা আৰক্ষী ছাউনী আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। ধেমাজি আঞ্চলিক ছাত্ৰ সন্থায়ো আজি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। চিচিবৰগাঁও মহাবিদ্যালয়তো গছপুলি ৰোপণ কৰা হয়। গোলাঘাট জিলাৰ বিভিন্ন স্থানতো দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান, বিভিন্ন শিক্ষানুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। ঠায়ে ঠায়ে সজাগতামূলক সমদল, বক্তৃতানুষ্ঠান আৰু গছপুলি ৰোপণ কাৰ্যসূচী আয়োজিত হয়।