স্নাতকোত্তৰ শিক্ষক পদৰ বাবে আজি ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ লগতে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ আৰু বঙাইগাঁও জিলাত এই নথি পৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। আজি গুৱাহাটী পাণবজাৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ৩২৩ গৰাকী প্ৰাৰ্থীৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হয়। উল্লেখযোগ্য যে, পূৰ্বে প্ৰকাশিত বিজ্ঞাপন অনুসৰি এহেজাৰ ৪৮৭টা শিক্ষক পদৰ বাবে নিযুক্তি সম্পন্ন হ’ব।
Site Admin | June 5, 2025 9:27 PM | teacher assam master degree
স্নাতকোত্তৰ শিক্ষক পদৰ বাবে ৰাজ্যৰ ছটা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ
