গুৱাহাটী পৌৰ নিগমে মহানগৰীখনৰ সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰা অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলে লেচী বজাৰসমূহত কোনো ধৰণৰ মাচুল নিদিয়াকৈ এতিয়াৰ পৰা ব্যৱসায় কৰিব পাৰিব বুলি ঘোষণা কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি বেলতলা সাপ্তাহিক বজাৰত এই নতুন ব্যৱস্থাৰ শুভাৰম্ভ কৰে। শ্ৰী শৰণীয়াই কয়, যে গুৱাহাটী মহানগৰৰ ডাক বন্দোবস্তি বজাৰসমূহত কোনো ধৰণৰ মাচুল অবিহনে সেই মহিলাসকলে ব্যৱসায় কৰিব পাৰিব। এই মহিলা ব্যৱসায়ীসকলৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ কৰা হ’ব বুলিও শ্ৰী শৰণীয়াই প্ৰকাশ কৰে। তেওঁ কয়, যে আৰম্ভণিতে গুৱাহাটীত তিনিখন বজাৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত বিভিন্ন লেচী বজাৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।
Site Admin | June 5, 2025 9:30 PM | toll free market guwahati
গুবাহাটীৰ সাপ্তাহিক বজাৰত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলক কোনো ধৰণৰ মাচুল নিদিয়াকৈ ব্যৱসায়ৰ সুবিধা
