আঞ্চলিক সংবাদ

May 30, 2025 11:47 AM

views 25

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত, কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত পৰহিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগ...

May 30, 2025 11:45 AM

views 19

ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছিকিমৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিকিমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ছিকিমক বিশ্ব...

May 30, 2025 11:44 AM

views 31

কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ সোধা-পোছা

কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক কালি দীর্ঘ সময়জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তেও...

May 30, 2025 11:43 AM

views 24

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীৰ পৰা আৱেদন আহ্বান

অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ অসমে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আৱেদন বিচাৰিছে। এই আঁচনিৰ অধীনত ২০২৫ বৰ্ষত দশম শ্রেণীত উত্তীর্ণ সৰ্বাধিক ৪০গৰাকী শিক্ষাৰ্থীক নির্বাচন কৰি তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সৰু...

May 30, 2025 11:40 AM

views 20

ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন বৈঠকত মিলিত হয়। নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াস...

May 30, 2025 11:38 AM

views 18

অহা ৭ জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা

অসমৰ লগতে সমগ্ৰ দেশত অহা ৭ জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা পালন কৰা হ'ব। কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলনা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে কালি এটা বিবৃতিত এই কথা প্ৰকাশ কৰে। হিলাল কমিটীয়ে সমূহ অসমবাসীলৈ ঈদ-উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

May 30, 2025 11:35 AM

views 38

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ...

May 30, 2025 11:33 AM

views 14

ৰাজ্যত ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত ৪০০ৰো অধিক কৃষকৰ...

May 30, 2025 11:32 AM

views 14

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আকস্মিকভাৱে ৰংঘৰ পৰিদৰ্শন

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকস্মিকভাৱে কালি ৰংঘৰ পৰিদৰ্শন কৰে। আহোম ৰাজত্বৰ ঐতিহ্যবাহী স্মাৰক ৰংঘৰৰ সংৰক্ষণৰ দায়িত্ব পুৰাততত্ত্ব বিভাগৰ হাতত ন্যস্ত আছে যদিও বিভাগটোৱে ঠিকমতে এই দায়িত্ব পালন কৰা নাই বুলি বিধায়কগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্ৰী গগৈয়...

May 30, 2025 11:30 AM

views 29

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।