আঞ্চলিক সংবাদ

May 30, 2025 10:17 AM

views 10

জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে জম্মুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে যোৱানিশা জম্মুত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। শ্রীশ্বাহে লগতে অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহা, সেনাপ্রধান জেনেৰে...

May 30, 2025 10:11 AM

views 21

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। বেংগালুৰুৱে ১০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্রথম...

May 29, 2025 9:14 PM

views 38

অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব

অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব দিছে। মুঠ ৫৮১ টা অৰ্ধসামৰিক বাহিনীৰ গোটে জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-ক...

May 29, 2025 8:37 PM

views 28

ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদ...

May 29, 2025 8:16 PM

views 36

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে'ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই দিনটোত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধপাত আৰু ...

May 29, 2025 8:03 PM

views 32

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা

কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰিছে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তে...

May 29, 2025 7:58 PM

views 23

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ সমস্যাই জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বহৰি, বাঘবৰ সংযোগী মথাউৰিটোত বিগত এমাহ ধৰি হোৱা খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰাত জিলাখনৰ বৃহৎ অঞ্চলৰ প্ৰতি ভাবুকি...

May 29, 2025 7:54 PM

views 35

ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ...

May 29, 2025 7:22 PM

views 64

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক নিয়মীয়াকৈ বিদ্যালয়স...

May 29, 2025 7:13 PM

views 27

শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৮ জুনত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ৰ পর্যালোচনা বৈঠক

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে আজি শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অহা ৮ জুনত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিতি আয়োজিত বৈঠকত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।