স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৪ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।
Site Admin | May 30, 2025 11:35 AM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব
