অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ অসমে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আৱেদন বিচাৰিছে। এই আঁচনিৰ অধীনত ২০২৫ বৰ্ষত দশম শ্রেণীত উত্তীর্ণ সৰ্বাধিক ৪০গৰাকী শিক্ষাৰ্থীক নির্বাচন কৰি তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সৰু সৰু গোটত ভাগ কৰি দেশৰ আগশাৰীৰ প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ এসপ্তাহৰ ফেলোশ্বিপ কেম্পলৈ প্ৰেৰণ কৰা হ’ব। লগতে প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা শিক্ষার্থীসকলক প্রয়োজন অনুসৰি অনলাইন পৰামৰ্শ প্ৰদান কৰাৰ উপৰি তিনিগৰাকী শ্রেষ্ঠ শিক্ষাৰ্থীক বিদেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হ’ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ শিক্ষার্থীসকল অসম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত কোনো পৰিষদৰ পৰা ন্যূনতম ৭৫ শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা আৰু গণিত, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান বা কম্পিউটাৰ বিজ্ঞানৰ অন্ততঃ তিনিটা বিষয় লৈ ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত একাদশ শ্রেণীত নামভৰ্তি কৰা হ’ব লাগিব। শিক্ষাৰ্থীসকলে ২০ জুনৰ ভিতৰত www.astec.assam.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব।
Site Admin | May 30, 2025 11:43 AM | cm vigyan prativa exam
মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীৰ পৰা আৱেদন আহ্বান
