আঞ্চলিক সংবাদ

May 29, 2025 7:08 PM

views 22

কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত উজলি থকা অধ্যায় বুলি মন্তব্য কৰিছে। ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে।...

May 29, 2025 7:04 PM

views 32

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত আজি ৪০০ৰো অধ...

May 29, 2025 6:58 PM

views 30

ওদালগুৰিৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

ওদালগুৰি জিলাৰ ২ নম্বৰ সাতঘৰীয়া গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হাতীগড় আৰু মাজুলী চাহ বাগিচাত আশ্ৰয় লৈ পুৱতি নিশা গাঁৱত প্ৰৱেশ কৰে। হাতীৰ গচকত ফুগ্নী মুণ্ডা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়...

May 29, 2025 6:56 PM

views 31

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আজি চিৰাঙৰ ভাৰত- ভূটান সীমান্তৰ মেলেৰীয়া প্ৰৱন এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰাথমিক চিকিৎসালয়ত মেলেৰীয়া সজাগতা সভা অনুষ্ঠিত হয়। চিৰাং জিলা প্ৰশাসন আৰ...

May 29, 2025 6:51 PM

views 30

১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁও গাৰোপাৰা যুৱ ক্রীড়া ক্লাবত আয়োজিত অনুষ্ঠানত ১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বি টি আৰৰ প্ৰতিটো পৰিয়ালক ভূমি দিয়াৰ বাবে প্রশাসন...

May 29, 2025 6:47 PM

views 36

ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংকৈ বুজ লয়। আলোচনা কালত এটি কলি দুটি পাত শীর্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান ল...

May 29, 2025 6:39 PM

views 39

স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব

স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা ১৯ জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ কাইলৈ দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজায়ে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰ...

May 29, 2025 6:36 PM

views 34

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰ...

May 29, 2025 6:32 PM

views 30

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱানিশা বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ধানবাৰী বনশিবিৰ এলেকাত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আঘাতপ্রাপ্ত চিকাৰীজনক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক...

May 29, 2025 6:30 PM

views 17

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বার্মাই আজি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলালৈ আহিব

কেন্দ্ৰীয় তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বার্মাই আজি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলালৈ আহিব। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে হাটশিঙিমাৰীত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছনৰ তিনিখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।