আঞ্চলিক সংবাদ

May 30, 2025 11:35 AM May 30, 2025 11:35 AM

views 21

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ২৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ...

May 30, 2025 11:33 AM May 30, 2025 11:33 AM

views 4

ৰাজ্যত ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত ৪০০ৰো অধিক কৃষকৰ...

May 30, 2025 11:32 AM May 30, 2025 11:32 AM

views 5

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আকস্মিকভাৱে ৰংঘৰ পৰিদৰ্শন

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকস্মিকভাৱে কালি ৰংঘৰ পৰিদৰ্শন কৰে। আহোম ৰাজত্বৰ ঐতিহ্যবাহী স্মাৰক ৰংঘৰৰ সংৰক্ষণৰ দায়িত্ব পুৰাততত্ত্ব বিভাগৰ হাতত ন্যস্ত আছে যদিও বিভাগটোৱে ঠিকমতে এই দায়িত্ব পালন কৰা নাই বুলি বিধায়কগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্ৰী গগৈয়...

May 30, 2025 11:30 AM May 30, 2025 11:30 AM

views 15

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচ...

May 30, 2025 10:17 AM May 30, 2025 10:17 AM

views 7

জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে জম্মুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে যোৱানিশা জম্মুত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। শ্রীশ্বাহে লগতে অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহা, সেনাপ্রধান জেনেৰে...

May 30, 2025 10:11 AM May 30, 2025 10:11 AM

views 13

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। বেংগালুৰুৱে ১০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ ১০ অভাৰত দুটা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্রথম...

May 29, 2025 9:14 PM May 29, 2025 9:14 PM

views 16

অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব

অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব দিছে। মুঠ ৫৮১ টা অৰ্ধসামৰিক বাহিনীৰ গোটে জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-ক...

May 29, 2025 8:37 PM May 29, 2025 8:37 PM

views 11

ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদ...

May 29, 2025 8:16 PM May 29, 2025 8:16 PM

views 17

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে'ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই দিনটোত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধপাত আৰু ...

May 29, 2025 8:03 PM May 29, 2025 8:03 PM

views 13

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা

কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰিছে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তে...