ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে জম্মুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে যোৱানিশা জম্মুত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। শ্রীশ্বাহে লগতে অহা ৩ জুলাইত আৰম্ভ হ’বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহা, সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আতাল ডুল্লুৰ উপৰি বিভিন্ন অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ প্ৰমুখসকল উপস্থিত থকা বৈঠকখনত গৃহমন্ত্ৰী শ্ৰীশ্বাহক নিৰাপত্তা ব্যৱস্থাৰ প্ৰতিটো দিশ সন্দৰ্ভত অৱগত কৰা হয়। দুদিনীয়া ভ্ৰমণসূচীৰে কালি কেন্দ্ৰীয়শাসিত অঞ্চলটোত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পুঞ্চত পাকিস্তানৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আজি সাক্ষাৎ কৰিব। তেওঁ লগতে ক্ষতিগ্ৰস্ত সিং-সভা গুৰুদ্বাৰ আদি ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰাৰ উপৰি সৰ্বাধিক ক্ষতিসাধন হোৱা জিলাখনৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হ’ব। শ্ৰীশ্বাহে পুঞ্চত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত উপস্থিত হৈ জোৱানসকলৰ সৈতে মত বিনিময়ো কৰিব।

অধিক পঢ়ক

সকলো চাওক