আঞ্চলিক সংবাদ

June 30, 2025 7:09 PM June 30, 2025 7:09 PM

views 15

তিনিচুকীয়াৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত হৈছে। সপ্তাহজোৰা এই প্ৰশিক্ষণত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্রশিক্ষকসকলে বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। এই প্রশিক্ষণ কাৰ্যসূচীত আজি ভালেসংখ্যক ছাত্...

June 30, 2025 6:51 PM June 30, 2025 6:51 PM

views 16

১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত

১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত হয়। পৌৰ সভাখনৰ ২৮ টা ৱাৰ্ডক ৪২ টালৈ বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰিবলৈ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ২০২২ চনৰ নৱেম্বৰ মাহত শিলচৰ পৌৰ সভাক নিগম হিচাপে গঠন কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল। যোৱা বছৰ এই ঘোষণাৰ পৰিপ্ৰেক্ষিতত শিলচৰ পৌৰ নিগম গঠনৰ ...

June 30, 2025 6:47 PM June 30, 2025 6:47 PM

views 14

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড়ত ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত শীর্ষক আঁচনিখন ডিব্ৰুগড় জিলাত ৰূপায়ণ সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজ নিজ চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিক তথা কৰ্মচাৰীৰ তালিকা, আধাৰ কাৰ্ডৰ প্ৰতিলিপি আৰু বেংক একাউণ্টৰ সব...

June 30, 2025 6:43 PM June 30, 2025 6:43 PM

views 6

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভিন্ন স্থানত গছপুলি ৰোপণ

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু লোক নির্মাণ বিভাগৰ সৌজন্যত যোৰহাট পৌৰ সভা এলেকাৰ অন্তৰ্গত ক্লাব ৰোড, নআলি আৰু জিলাখনৰ কাকডোঙা নদীৰ সোঁ কাষৰ মথাউৰি আৰু পথত গছপুলি ৰোপণ কৰা হয়। জিলা আয়ুক্ত, তিতাবৰ সম-জিলা আয়ুক্ত আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধ...

June 30, 2025 6:38 PM June 30, 2025 6:38 PM

views 10

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ...

June 30, 2025 12:42 PM June 30, 2025 12:42 PM

views 7

কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ৰ কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ কাৰ্বি লাংপি নৈৰ লংজাপ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো বৈঠালাংছ'ৰ দিশৰ পৰা উটি আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ...

June 30, 2025 12:40 PM June 30, 2025 12:40 PM

views 12

মাজুলীৰ কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা

মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ যাত্ৰা কৰা এছ বি প্রীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰে। ইফালে, কালি ব্ৰহ্মপুত্ৰৰ মাজত এছ বি জলতৰি নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। সেয়েহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে...

June 30, 2025 12:38 PM June 30, 2025 12:38 PM

views 6

গোলাঘাট জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পুৱাৰ ভাগত ড° শৰ্মাই ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম মুকলি কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্ম...

June 30, 2025 12:31 PM June 30, 2025 12:31 PM

views 7

আকাশবাণী তেজপুৰৰ আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী তেজপুৰ কেন্দ্ৰই গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া ৬ বজাত আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ ...

June 30, 2025 12:29 PM June 30, 2025 12:29 PM

views 5

বিস্তৃত কাৰ্যসূচীৰে কাইলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্রয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত...