June 30, 2025 12:42 PM | Karbi-lampi

printer

কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ কাৰ্বি লাংপি নৈৰ লংজাপ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো বৈঠালাংছ’ৰ দিশৰ পৰা উটি আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।