April 8, 2025 8:47 PM

views 34

ৰাজ্যত পোষণ পষেক আৰম্ভ; কামৰূপত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰে পোষণ পষেক

ৰাজ্যত আজি পোষণ পষেক আৰম্ভ হৈছে। কামৰূপ জিলাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ সভাগৃহত পোষণ পষেক শুভাৰম্ভ কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে বছৰৰ প্ৰতি দিনতে জিলাখনৰ শিশুসকলক স্বাস্থ্যৰ যতন আৰু সুৰক্ষা ল'বলৈ জিলাখনৰ প্ৰতিটো বিভাগক আহ্বান জনায়। পোষক পষ...

April 8, 2025 8:45 PM

views 17

প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু অসমীয়া

বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে বাপতিসাহোন বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবল...

April 8, 2025 8:43 PM

views 15

কোকৰাঝাৰৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্রমোদ বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কালি কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাক আয়ৰ সৈতে সামঞ্জস্যহীন সা-সম্পত্তি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, যে দূৰ্নীতিত লিপ্ত থ...

April 8, 2025 8:41 PM

views 31

শিৱসাগৰৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী-প্রতিযোগিতাত লাভ কৰিলে উচ্চ মানৰ চাহৰ স্বীকৃতি

শিৱসাগৰ জিলাৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী আৰু প্রতিযোগিতাত উচ্চ মানৰ চাহৰ স্বীকৃতি লাভ কৰিছে। লাছ ভেগাছৰ ৱ’ৰ্ল্ড টী এক্সপ’ৰ বিশ্বমানৰ চাহৰ প্রতিযোগিতা গ্লোৱেল টী চেম্পিয়নশ্বিপত আথাবাৰী চাহৰ ব্ৰেণ্ড আথাবাৰী পি এফে বিশেষ শ্রেণীৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই ...

April 8, 2025 8:38 PM

views 17

অসম আৰক্ষীৰ ১ কোটি কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

অসম আৰক্ষীৰ এক কোটি কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি বিগত কেইসপ্তাহমানত ৰাজ্য চৰকাৰৰ উদ্যোগত ৭ হাজাৰ ৭১৩ গৰাকী কৰ্মচাৰীক সামৰি ৬৮টা স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত কৰা হৈছে।

April 8, 2025 8:36 PM

views 12

তিনিচুকীয়াৰ হিজুগুৰিত পথ দুৰ্ঘটনা, পিতা-পুত্ৰ থিতাতে নিহত

তিনিচুকীয়া জিলাৰ হিজুগুৰিত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী পিতৃ আৰু তেওঁৰ পুত্ৰ থিতাতে নিহত হয়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত মটৰচাইকেলত অহা পিতৃ আৰু পুত্ৰ থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্...

April 8, 2025 8:35 PM

views 21

বজালী আৰক্ষীৰ অভিযানত দুচকীয়া বাহন চুৰিত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত, ৬জনক আটক

বজালী আৰক্ষীয়ে অভিযান চলাই দুচকীয়া বাহন চুৰিকাৰ্যত জড়িত এটা আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত কৰিবলৈ সমৰ্থ হয়। বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে আজি এখন সংবাদ মেলযোগে কয়, যে যোৱা নিশা চক্ৰটোৰ মুঠ ছজন চোৰক কৰায়ত্ত কৰা হয়। চক্ৰটোৱে অসমকে ধৰি বিভিন্ন ৰাজ্য তথা চুবুৰীয়া দেশ বাংলাদেশত চুৰি বাহনস...

April 8, 2025 8:33 PM

views 7

সংগীত শিল্পী তৰালি শৰ্মালৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ‘বৰপেটা বঁটা’

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ বৰপেটা বঁটা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালি শৰ্মাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগত উদযাপন কৰিবলগীয়া ৰঙালী বিহুৰ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰিব। আজি বৰপেটাত অনুষ্ঠিত এখন সংবাদমেলত আঞ্চলিক ছাত্র সন্থাৰ সভাপ...

April 8, 2025 8:32 PM

views 8

মহানগৰীৰ চানমাৰি আৰক্ষীৰ অভিযানত ৯জন চোৰ গ্ৰেপ্তাৰ

মহানগৰীৰ চানমাৰি আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলাই ৯ জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটীৰ মাছখোৱা আৰু পাণ্ডুত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণ চুৰি সামগ্রীও উদ্ধাৰ কৰিছে ।

April 8, 2025 8:30 PM

views 19

লেখিকা, অভিনেত্রী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন ঘোষক গীতালি বৰুৱাৰ মৃত্যু

ধুবুৰীৰ বিলাসীপাৰা নিবাসী লেখিকা, অভিনেত্রী তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন ঘোষক গীতালি বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদক্রিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ। অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা লেখিকাগৰাকীৰ মৃত্যুত বিলাসীপাৰাত শোকৰ ছ...