April 9, 2025 12:48 AM

views 21

ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গ...

April 8, 2025 9:29 PM

views 12

ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, ইউ এ ইৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্বেখ হমদান বিন মহম্মদ অল মকটুমক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে ভাৰত-ইউ এ ই সর্বাত্মক কৌশলগত সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত ডুবাইয়ে গুৰু...

April 8, 2025 9:27 PM

views 10

পৰ্তুগাল ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি তেওঁৰ পৰ্তুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰ্তুগালৰ সদন এচেম্বলিয়া দা ৰিপাব্লিকাত আজি শ্ৰীমতী মুর্মুক গার্ড অৱ অনাৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ...

April 8, 2025 9:26 PM

views 13

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰৰ কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰে আজি নতুন দিল্লীত কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। বৈঠকত শ্রীচৌহানে কয়, যে ভাৰত আৰু ইজৰাইলৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন ৰাষ্ট্ৰই কৃষি, উদ্ভ...

April 8, 2025 9:25 PM

views 13

কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ইয়াৰ বিশাল উপকূলভাগ আৰু কৌশলগত স্থিতিৰে সামুদ্রিক ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ...

April 8, 2025 8:58 PM

views 29

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন পৰিয়ালসহ প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ

প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰে পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰিয়ালসহ কাজিৰঙালৈ অহা কিংবদন্তী খেলুৱৈগৰাকীয়ে আজি পুৱা বাগৰি বনাঞ্চলত জীপ ছাফাৰিৰ আনন্দ লয়। বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি কাজিৰঙাৰ সৌন্দৰ্যত অভিভূত হোৱা বুলি তেণ্...

April 8, 2025 8:57 PM

views 16

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই ৩জন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় সংৰক্ষণ

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তিনিজন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে। দীর্ঘসময় ধৰি চলা শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই ৰায় সংৰক্ষিত ৰাখে ।

April 8, 2025 8:55 PM

views 13

ইটানগৰত অৰুণাচল চৰকাৰৰ সৈতে ষোড়শ বিত্ত আয়োগৰ এটা দলৰ বৈঠক

৫ দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহা ষোড়শ বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে আজি ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্য চৰকাৰ আৰু বিভিন্ন পক্ষৰ সৈতে এলানি বিস্তৃত আলোচনাত মিলিত হয়। আয়োগৰ জ্যেষ্ঠ সদস্য এনি জর্জ মেথিউৰ নেতৃত্বত দলটোৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শ্রীমতী মেথিউৱে কয় যে আয়োগে ...

April 8, 2025 9:01 PM

views 20

উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশ

ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ তিনকিলোৰ এটা কয়লাখনিত ৯জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। যোৱা ৬ জানুৱাৰীত এন্দুৰৰ গা...

April 8, 2025 8:50 PM

views 18

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে প্রস্তুতি ...