ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু অসমীয়া

বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে বাপতিসাহোন বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিবলৈ সাজু হৈছে। গ্ৰামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা-পনা, জা-জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া-নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেও আৰু বিহুনামে চৌদিশ মুখৰিত কৰি তুলিছে। সমাগত ৰঙালী বিহু উপলক্ষে বিভিন্ন স্থানত কৰ্মশালা, বিপণী আদিৰ আয়োজন কৰা হৈছে । ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব’হাগী বিপণী শীৰ্ষক এটা কাৰ্যসূচীৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন চাংমায়ে মুকলি কৰা এই ব’হাগী বিপণীত ছাত্র- ছাত্ৰীসকলে প্ৰস্তুত কৰা পিঠা-পনা, আচাৰ, গামোচা, ৰুমাল আদিকে ধৰি বিহুৰ সৈতে জড়িত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়৷ তিনিচুকীয়া জিলাত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত কাইলৈৰ পৰা থানা চাৰিআলিৰ ডাকবাংলা চৌহদত অসমী ব’হাগী মেলাৰ আয়োজন কৰা হৈছে। এই ব’হাগী মেলাত ভালেসংখ্যক আত্মসহায়ক গোটৰ মহিলাই থলুৱাভাৱে উৎপাদিত তথা নিজে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক