আঞ্চলিক সংবাদ

October 23, 2024 11:55 AM October 23, 2024 11:55 AM

views 10

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বিকাশ অর্থে অসম দক্ষতা বিশ্ববিদ্যালয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে। ৰাজ্যৰ য...

October 23, 2024 11:53 AM October 23, 2024 11:53 AM

views 14

সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি মাজুলীত ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা অতিৰিক্ত আয়ুক্তই সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি জিলাখনৰ মুঠ ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। জিলাখনৰ ১ লাখ ৩২ হাজাৰ ৯৪৭গৰাকী ভোটদাতাই মুঠ ২০১টা ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলে পঞ্চায়তৰ ভোটাৰ তালিক...

October 23, 2024 11:50 AM October 23, 2024 11:50 AM

views 15

গোৱালপাৰাত চি এল এফ এৰ ছজনীয়া বিধায়কৰ দলৰ বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা গঠিত কমিটী অন লোকেল ফাণ্ড একাউণ্টছ – চি এল এফ এৰ ছজনীয়া বিধায়কৰ দল এটাই কালি গোৱালপাৰা জিলাত উপস্থিত হৈ নগৰ আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে দুধনৈ আৱৰ্ত্ত ভৱনত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে ৰূপায়ণ ...

October 22, 2024 8:20 PM October 22, 2024 8:20 PM

views 15

প্ৰেছ ক্লাবত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত

দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গুৱাহাটী মহানগৰ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। নিবন্ধকাৰ ড° প্ৰদ্যুম্ন গোস্বামীয়ে একবিংশ শতিকাত সপোনৰ অসম, সংশয়, প্ৰত্যাহ্বান আৰু সম্ভাৱনা বিষয়ত বক্তৃতা প্ৰদান কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সপ...

October 22, 2024 8:18 PM October 22, 2024 8:18 PM

views 6

দুদিনীয়া ভ্রমণসূচীৰে ভগীৰথ চৌধুৰী তিনিচুকীয়াত উপস্থিত হৈ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী আজি দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়াত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে ...

October 22, 2024 8:08 PM October 22, 2024 8:08 PM

views 9

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ‍ বৃদ্ধি পাইছে। ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই আজি কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে, বঙাইগাঁৱৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি সমাগত উপ-নির্বাচন সন্দৰ্ভত অসম গণ পৰিষদ, বিজেপি আৰু ই...

October 22, 2024 8:06 PM October 22, 2024 8:06 PM

views 12

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ সৈতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চলি থকা বিভিন্ন ঘাইপথ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত আজি নতুন দিল্লীত কেন্দ্রীয...

October 22, 2024 6:35 PM October 22, 2024 6:35 PM

views 6

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হ’বলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হ'বলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৫০ গৰাকী প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বার্ষিক অধিৱেশনখনত নাক, কাণ আৰু ডিঙিৰ নতুন চিকিৎসা সন্দৰ্ভত আলো...

October 22, 2024 6:34 PM October 22, 2024 6:34 PM

views 7

জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ অসম চৰকাৰৰ

অসম চৰকাৰে জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চাৰি শতাধিক নাগৰিক সেৱা, ২১৯ টা ব্যৱসায়িক সেৱা আৰু ১৩ টা উপযোগিতা সেৱাৰ সৈতে ৭৫ লাখ আবেদন ডিজিটেলী দাখিল কৰা হৈছে। এই আবেদনসমূহৰ ৮৮ শতাংশ নিষ্পত্তি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।...

October 22, 2024 6:31 PM October 22, 2024 6:31 PM

views 28

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি শিৱসাগৰ সদৰ মহকুমা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত ডিমৌ, শিৱসাগৰ, গৌৰীসাগৰ আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। চলিত বৰ্ষৰ শিৱসাগৰ সদৰ মহকুমাৰ অন্তৰ্গত পঞ্চায়তৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩ লাখ ৭৮ হাজাৰ ২১ গৰাকী। মহকুমাটোৰ অন...