আঞ্চলিক সংবাদ

November 26, 2024 12:15 PM

views 12

ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰ্যালয়ে কালি এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি বে- আইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনটো পুনৰ ৫ বছৰৰ বাবে নিষিদ্ধ সংগঠন হিচাপে পৰিগণিত...

November 26, 2024 12:13 PM

views 11

ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াত অসমৰ এতিয়ালৈকে ৫টা সোণসহ ২৪টা পদক অৰ্জন

চলিত ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াত অসমৰ খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰি সাফল্য আহৰণ কৰিবলৈ সমৰ্থ হৈছে। এতিয়ালৈকে হোৱা খেলত অসমে ৫টা সোণ, ৬টা ৰূপ আৰু ১৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৪টা পদক অৰ্জন কৰিছে। গুজৰাটৰ ৰাজকোটত চলি থকা ৰাষ্ট্ৰীয় বিদ্যালয় ক্রীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত অসমে ২টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক ...

November 26, 2024 12:10 PM

views 13

ধেমাজিত প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত কৃষকক শস্য বীমাৰ পলিচী বিতৰণ

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত ধেমাজি জিলাৰ কৃষকসকলৰ মাজত কালি শস্য বীমাৰ পলিচী বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ মুঠ ১৭ হাজাৰ ১৩৬ জন ধানখেতি কৰা কৃষকক শস্য বীমাৰ পলিচী বিতৰণ কৰা হ'ব। ধেমাজি কৃষি উন্নয়নৰ খণ্ডৰ মুঠ এহেজাৰ ৬৭ জন কৃষকক...

November 26, 2024 11:57 AM

views 25

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাত ৰেইলৱায়াৰ ব্ৰডবেণ্ডত ‘ফ্রিডম প্লান’ আৰম্ভ

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাৰে ৰেইলৱায়াৰ ব্ৰডবেণ্ডত 'ফ্রিডম প্লান' আৰম্ভ কৰা হৈছে। কালি নতুন দিল্লীত এটা অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু ৰেইলটেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় কুমাৰে এই পৰিকল্পনা উন্মোচন কৰে। এই উপলক্ষে ভাষণ দি দ্...

November 25, 2024 8:24 PM

views 20

নিশিনাথ চাংকাকতিৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত আৰক্ষীৰ বিশেষ মর্যাদাৰে সম্পন্ন

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধান নিশিনাথ চাংকাকতিৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত আৰক্ষীৰ বিশেষ মর্যাদাৰে সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে উলুবাৰীত অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত চাংকাকতিক শেষ শ্রদ্ধা জনোৱা হয়। দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৯১ বছৰ বয়সত দেহাৱসান হোৱা চ...

November 25, 2024 8:21 PM

views 12

মিছিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীলৈ জি আই টেগ স্বীকৃতিৰ প্ৰমাণপত্ৰ

মিছিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীলৈ ভৌগোলিক সূচ্যাংক বা জি আই টেগ স্বীকৃতিৰ প্ৰমাণপত্ৰ আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰদান কৰা হয়। আজি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আবেদনকাৰী সংস্থা হস্তশিল্প উন্নয়ন প্রতিষ্ঠানক এই প্ৰমাণপত্ৰ আন...

November 25, 2024 8:19 PM

views 16

দৰংত পৰম্পৰাগত পদ্ধতিৰ সৈতে ৰেচম পলু পালনৰ আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ

দৰং জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ যৌথ উদ্যোগত আৰু ৰেচম বিভাগৰ কাৰিকৰীৰ সহযোগত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলত বৰ্তমান পৰম্পৰাগত পদ্ধতিৰ সৈতে ৰেচম পলু পালনৰ আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাই ৰেচম উৎপাদনৰ নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ শ’লপাম, বছা চুবা, গৰকামৰা আৰু...

November 25, 2024 8:17 PM

views 20

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক মুখ্যমন্ত্রীৰ সাক্ষাৎ

 মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য্যক সৌজন্যমূলক সাক্ষাত কৰি ৰাজ্যখন উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত শ্ৰী আচাৰ্য্যৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ সন্দৰ্ভত ৰাজ্যপাল গৰাকীক অৱগত কৰে...

November 25, 2024 8:15 PM

views 31

কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাইলৈৰ পৰা অহা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। কাজিৰঙাৰ লগতে ৰাজ্যখনৰ পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে অসম পৰ্যটনৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০ গৰাকী প্ৰতিনিধিৰ লগতে কেন্...

November 25, 2024 8:14 PM

views 22

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী আজি ঘোষণা কৰিছে। এই পৰীক্ষা ৩ মাৰ্চলৈকে চলিব। পৰিষদে ঘোষণা কৰা অনুসৰি ব্যৱহাৰিক পৰীক্ষাসমূহ ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব। ইপিনে, পৰিষদে অহা বছৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।