আঞ্চলিক সংবাদ

May 3, 2025 11:38 AM

views 38

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ...

May 2, 2025 8:08 PM

views 36

বিশিষ্ট নৃত্যশিল্পী যতীন গোস্বামীক গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ সম্বৰ্দ্ধনা

অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটে আজি পদ্মভূষণ সন্মানেৰে সন্মানিত বিশিষ্ট নৃত্যশিল্পী যতীন গোস্বামীক তেওঁৰ বাসগৃহত সন্মান জনায়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিব্যঞ্জন শৰ্মা খাটনিয়াৰৰ লগতে মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ড° ধৰণী লাহন, সম্পাদক ড° জিন্টু শৰ্মা, জ্যেষ্ঠ অধ্...

May 2, 2025 8:05 PM

views 31

মুখ্যমন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান বাৰ এছোচিয়েচনৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদৰ পৰা পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছোচিয়েচনে আহ্বান জনাইছে। এছোচিয়েচনৰ সভাপতি আৰু সম্পাদকে প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰীক তেওঁৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱা হৈছ...

May 2, 2025 8:04 PM

views 20

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত ৰঙালীৰ ধেমালি শীৰ্ষক বাৰেৰহণীয়া অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত আজি ৰঙালীৰ ধেমালি শীৰ্ষক এটি বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰটোৰ সকলো বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পানী- পাৰ, বেলুন ফুটোৱা আদি বিভিন্ন খেল-ধেমালিৰ লগতে কেন্দ্ৰটোৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি...

May 2, 2025 8:00 PM

views 22

উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু পথৰ নামকৰণত কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ

নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু এটা পথৰ নামকৰণ কৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত সংবাদমেলত বি টি আৰ প্ৰধান শ্ৰী বড়োৱে কয়, যে বি টি আৰ পৰিষদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী...

May 2, 2025 7:55 PM

views 37

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ ব্যাপক প্ৰচাৰ অভিযান

অহা ৭ মে’ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নির্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি, অসম গণ পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শ...

May 2, 2025 7:02 PM

views 31

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক দ্বিতীয়টো শৃংখলা প্ৰচাৰ

অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থ...

May 2, 2025 6:58 PM

views 20

অসম প্ৰকাশন পৰিষদৰ ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসম প্ৰকাশন পৰিষদৰ আজি ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ চহকী তথা সম্ভ্ৰান্ত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বৰেণ্য লোকসকলৰ অৱদানক স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিষদৰ বিষয়া-কৰ্মচাৰী তথা পঢ়ুৱৈ সমাজলৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন ঘটনাক্ৰমৰ মাজেদি...

May 2, 2025 6:54 PM

views 39

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি

অহা ৭ মে’ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। ভোটগ্রহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ জিলা প্ৰশাসনে প্রিজাইডিং, পোলিং বিষয়াৰ গোটক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাটশিঙিম...

May 2, 2025 6:51 PM

views 32

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি চাৰে তিনি বজা পর্যন্ত ৫৬. ৪-১ শতাংশ ভোটদান সম্পন্ন হৈছে। তিনিচুকীয়া জিলাত ৪৮. ১-৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০. ৯-৪ শতাংশ, শিৱসাগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।