ডাউনলোড
মোবাইল এপ

android apple
signal

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ ব্যাপক প্ৰচাৰ অভিযান

অহা ৭ মে’ত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে নির্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি, অসম গণ পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল, এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মাই আজি ধুবুৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ধুবুৰীৰ বীৰ চিলাৰায় মেলা ময়দানত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰদল অগপৰ প্রার্থীক ভোট দিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° শৰ্মাই বঙাইগাঁৱৰ উত্তৰ শালমৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত আন এখন জনসভাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে কামৰূপ জিলাৰ শুৱালকুছি বালিচৰ আৰু শিঙিমাৰী বজাৰ চকতো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শ‍ইকীয়া আৰু মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে বৰপেটা জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ আৰু বগৰীগুৰি জিলা পৰিষদত নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী শ‍ইকীয়াই বজালী জিলাৰ হেলনা ৰাস মন্দিৰ খেলপথাৰত অনুষ্ঠিত এখন নির্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । হোজাই জিলাত সাংসদ কামাখ্যা প্রদাস তাছাই বিধায়ক ৰামকৃষ্ণ ঘোষক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ মহানগৰৰ ডিমৰীয়াৰ মালয়বাৰীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে বিজেপি আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

মন্ত্ৰী পীযুষ হাজৰিকাই আজি কামৰূপ জিলাৰ কেইবাটাও স্থান বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নির্বাচনী সভাত অংশগ্ৰহণ কৰে।

আনহাতে সাংসদ গৌৰৱ গগৈয়ে আজি নলবাৰী জিলাৰ ধৰ্মধমাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ সমৰ্থকসকলে সাংসদ গৌৰৱ গগৈক নলবাৰী নগৰৰ পৰা মটৰচাইকেল সমদলেৰে নিৰ্বাচনী সভালৈ আদৰি নিয়ে। নলবাৰীৰ আন কেইবাটাও স্থানত সাংসদগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷

অধিক পঢ়ক

সকলো চাওক