গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদৰ পৰা পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছোচিয়েচনে আহ্বান জনাইছে। এছোচিয়েচনৰ সভাপতি আৰু সম্পাদকে প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰীক তেওঁৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱা হৈছে। পত্ৰখনত এছোচিয়েচনৰ নেতৃবৃন্দই এই বুলি উল্লেখ কৰিছে যে স্বাৰ্থৰ সৈতে সংঘাতৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে বাৰ এছোচিয়েচনৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ প্ৰয়োজন নাই। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ আন্তঃগাঁথনিমূলক সমস্যাক লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই উদ্বেগ প্রকাশ কৰি এহেজাৰ কোটিতকৈও অধিক ধন ব্যয়েৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি দিয়া প্রতিশ্রুতিক এছোচিয়েচনে প্ৰশংসা কৰিছে। অধিবক্তা সংগঠনটোৱে বৰ্তমানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ ব্ৰহ্মপুত্ৰ নদীৰ দিশে বহলাই নিয়া, উচ্চ ন্যায়ালয়ৰ গাঁথনি সপ্তম মহলালৈ বৃদ্ধি কৰা, কনিষ্ঠ অধিবক্তাসকলক ৫ বছৰ পৰ্যন্ত পাৰিতোষিক দিয়াৰ বাবে বাজেটত ১০ কোটি টকা ধাৰ্য কৰা আদি দাবীসমূহ পত্রযোগে মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰে। উল্লেখযোগ্য যে বাৰ এছোচিয়েচনে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে ৷ বাৰ এছোচিয়েচনৰ এনে সিদ্ধান্তৰ সৈতে একমত হ‘ব নোৱাৰাৰ বাবেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এছোচিয়েচনৰ সদস্যপদৰ পৰা পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছিল।
Site Admin | May 2, 2025 8:05 PM | CM
মুখ্যমন্ত্ৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্যপদ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান বাৰ এছোচিয়েচনৰ
