অসম প্ৰকাশন পৰিষদৰ আজি ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ চহকী তথা সম্ভ্ৰান্ত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বৰেণ্য লোকসকলৰ অৱদানক স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিষদৰ বিষয়া-কৰ্মচাৰী তথা পঢ়ুৱৈ সমাজলৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন ঘটনাক্ৰমৰ মাজেদি সাতটা দশক অতিক্ৰম কৰিবলৈ আগবঢ়া পৰিষদে অসমৰ সাহিত্য, সমাজ, সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখা বহু মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। পৰিষদে সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ্ৰন্থমেলাকে ধৰি বহু প্ৰকল্পৰ কাম হাতত লৈ আগবাঢ়ি যোৱাটো এক শুভ লক্ষণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পৰিষদৰ এই কাৰ্যৰ প্ৰতি অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি যাব বুলিও মুখ্যমন্ত্রী ড° শর্মাই প্ৰকাশ কৰে।
Site Admin | May 2, 2025 6:58 PM | aassam prakashan porishad
অসম প্ৰকাশন পৰিষদৰ ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
