আঞ্চলিক সংবাদ

June 11, 2025 11:46 AM

views 36

দেশত সম্প্ৰতি COVID সংক্ৰমিত লোকৰ সংখ্যা ৬,৮১৫

দেশত সম্প্ৰতি ৬,৮১৫ জন লোকৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে ৭,৬৪৪গৰাকী COVID ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। COVIDত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস-প্রশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউম’নিয়াকে ধৰি বিভিন্ন ৰোগত আক্রান্ত আছিল বুলি স...

June 11, 2025 11:44 AM

views 16

বৰপেটাৰ কান্দাপাৰাত অগ্নিকাণ্ড; ৬গৰাকী লোক গুৰুতৰভাৱে আহত

বৰপেটা জিলাৰ কান্দাপাৰা গাঁৱত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত ৬গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। গাঁওখনৰ আফজল ৰহমান নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়। বিদ্যুতৰ বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আহত ...

June 11, 2025 9:31 AM

views 25

সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা ...

June 11, 2025 9:29 AM

views 22

দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰীশ্বাহে দেশৰ বান প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা দীৰ্ঘম্যাদী ব্যৱস্থা আৰু যোৱা বছৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি লোৱা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰ্যালয়ে...

June 10, 2025 6:57 PM

views 35

অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান

অসম চৰকাৰৰ পৰা ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জিলাখনৰ ৭ গৰাকী নিয়মীয়া শিল্পী পেন্সনপ্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী পেন্সন সন্মান লাভ কৰা ব্যক্তিক আজি আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠান...

June 10, 2025 6:53 PM

views 32

সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষিমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানৰ জিলা পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰাৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ মহিলাসকলক উপকৃত কৰিব পৰাকৈ নিৰ্দিষ্ট ...

June 10, 2025 6:46 PM

views 45

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ সমাধানৰ বাবে চৰকাৰৰ পৰা বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে। আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভাপতি শিৱপ্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয়, যে...

June 10, 2025 6:33 PM

views 41

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু...

June 10, 2025 6:41 PM

views 33

লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ'বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ...

June 10, 2025 1:10 PM

views 14

মেঘালয়ৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাজাবালা থানা এলেকাৰ অধীনৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত হয়। পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে এখন নৈশ বাছ আৰু মানকাচৰৰ পৰা গোৱালপাৰালৈ গৈ থকা বাছ দুখনৰ মাজত মুখামুখি সংঘর্ষ হয়। এই দুৰ্ঘটনা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।