প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদেৰে গঠিত সর্বদলীয় প্রতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রতিনিধিসকলে সন্ত্রাসবাদ নির্মূল কৰাৰ প্ৰয়োজনীয়তা আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। প্রতিনিধি মণ্ডলৰ সদস্যসকলে প্রধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাসমূহৰ বিষয়ে আলোচনা কৰে। আমেৰিকা যাত্ৰাৰ নেতৃত্ব দিয়া কংগ্ৰেছ সাংসদ শশী থাৰুৰে ৰাষ্ট্ৰৰ সেৱাৰ সুযোগ দিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দেয়েও প্রধানমন্ত্রী মোদীক ধন্যবাদ জনায়। তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ভাৰতৰ যুঁজ আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত এই মিত্র দেশসমূহে আগবঢ়োৱা সমর্থনৰ বিষয়ে শ্রীমোদীক অৱগত কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্রতিনিধি দলক সাক্ষাৎ কৰি তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখযোগ্য যে এই সংসদীয় প্রতিনিধি দলৰ ভিতৰত চাৰিটাৰ নেতৃত্ব শাসকীয় মিত্ৰজোঁটৰ সাংসদসকলে দিয়াৰ বিপৰীতে কংগ্ৰেছ, ডিএমকে আৰু এনচিপি এছপিৰ একোজনকৈ সাংসদে আন তিনিটা দলৰ নেতৃত্ব দিছিল। বিজেপিৰ ৰবীশংকৰ প্ৰসাদ আৰু বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ শশী থাৰুৰ, জে ডি ইউৰ সঞ্জয় ঝা, শিৱসেনাৰ শ্ৰীকান্ত সিন্দে, ডিএমকেৰ কানিমুঝি আৰু এনচিপি এছপিৰ সুপ্রীয়া ছুলে বিশ্বৰ বিভিন্ন দেশলৈ যাত্ৰা কৰা প্ৰতিনিধিসকলক নেতৃত্ব দিছিল।
সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত
