আঞ্চলিক সংবাদ

June 6, 2025 1:04 PM June 6, 2025 1:04 PM

views 14

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্রী সন্থাৰ আহ্বান

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে'ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰে'লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে'ল যাত্রী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে'ল যাত্রী সংগঠনটোৱে...

June 6, 2025 1:02 PM June 6, 2025 1:02 PM

views 23

বছৰৰ প্ৰথমটো বানৰ কবলত পবিতৰা অভয়াৰণ্য

বছৰটোৰ প্ৰথমটো বানে সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়তে গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ ৭০ শতাংশ বনাঞ্চল বুৰাই পেলাইছে। টুপলুং, হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবি আদি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। গড়কে ধৰি অভয়াৰণ্যখনৰ আন আন জীৱ-জন্...

June 6, 2025 12:45 PM June 6, 2025 12:45 PM

views 15

মণিপুৰৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত

মণিপুৰত সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। অৰুণাচলতো বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে, সাম্প্রতিক বানত অৰুণাচলত ৩৩ হাজাৰ ২০০ লোক ক্ষতিগ্ৰস্ত হৈছে । একেদৰে ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু নাগালেওতো সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈ...

June 6, 2025 12:33 PM June 6, 2025 12:33 PM

views 9

তিনিচুকীয়াত বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান

তিনিচুকীয়া জিলাৰ নিকটৱৰ্তী অৰুণাচলৰ সীমান্তত এবিধ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে। ইউথেলিয়া মালাকানা নামকৰণ কৰা পখিলাবিধৰ সংযোজনে ভাৰতত পোৱা পখিলাৰ প্ৰজাতি সৰ্বমুঠ এহেজাৰ ৩২৮ লৈ বৃদ্ধি কৰিলে। আৰক্ষী জোৱান ৰৌচন উপাধ্যায়ৰ প্ৰচেষ্টাত পখিলাৰ এই প্ৰজাতিটোৰ প্ৰায় ১০০ বছৰৰ পাছত পুনৰ সন্ধান পোৱা গ...

June 6, 2025 12:29 PM June 6, 2025 12:29 PM

views 7

অসমৰ চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ মহিলা গৱেষকৰ দল তিনিচুকীয়াত উপস্থিত

অসমৰ ২০০ বছৰীয়া চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ ৭ গৰাকী মহিলা গৱেষকৰ এটা দল তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহাসিক বিছা গাঁৱত উপস্থিত হৈছে। দলটোৱে অসমৰ চাহ শিল্পৰ আদিভূমি বিছা গাঁৱত উপস্থিত হৈ বিছাৰজাৰ বাসগৃহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০০ বছৰৰ পূৰ্বে লিডু বিছা গাঁৱৰ ছিংফ' ৰজা বিছাগামৰ সৌজন্যত স্কটিছ ...

June 6, 2025 12:27 PM June 6, 2025 12:27 PM

views 19

কাজিৰঙাত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি

বানত ক্ষতিগ্রস্ত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে বিপদত পৰা বন্যপ্ৰাণী দেখিলে কেন্দ্ৰটোৰ হেল্পলাইন নম্বৰ ৬৯০১৮৬৪৯০০ত খবৰ দিব পাৰিব। তদুপৰি বানৰ সময়ছোৱাত সৰ্বাধি...

June 6, 2025 12:21 PM June 6, 2025 12:21 PM

views 11

অসম সাহিত্য সভাৰ উদ্যোগত নগাঁৱত আজিৰে পৰা লেখক শিবিৰৰ আয়োজন

অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতিভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্...

June 6, 2025 12:19 PM June 6, 2025 12:19 PM

views 36

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯ খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনত ৫ লাখ ৬০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছ...

June 6, 2025 12:17 PM June 6, 2025 12:17 PM

views 13

পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন

 কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তে...

June 6, 2025 12:14 PM June 6, 2025 12:14 PM

views 12

ৰাজ্যত বনাঞ্চল ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়েত নিৰীক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যত বন ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তা – এ আইৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বন ধ্বংস আৰু বনভূমিৰ ক্ষতি আদি বাস্তৱসন্মত সময়ত চাব প...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।