ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰে‘ল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা দ্বিসাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰে‘লগাড়ীখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে‘ল যাত্রী সন্থাই আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ মুখ্য যাত্ৰী পৰিবহন প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰে‘ল যাত্রী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰে‘ল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰে‘ল গাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহ‘লেও অন্ততঃ সপ্তাহত ছদিনকৈ চলাচল কৰালে সমগ্ৰ উত্তৰপৰীয়া ৰাইজ উপকৃত হ‘ব বুলি পত্ৰখনত উল্লেখ কৰে। সংগঠনটোৱে এই ৰে‘লগাড়ীখনৰ উত্তৰ লখিমপুৰৰ পৰা কৰা যাত্ৰাৰ সময় আগুৱাই দিবলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ সময় মাজনিশা ১১ বাজি ২৫ মিনিটৰ পৰিৱৰ্তে সন্ধিয়া ৭ বজা কৰিবলৈকো এন এফ ৰে‘লৱে কৰ্তৃপক্ষক আহ্বান জনায়।
Site Admin | June 6, 2025 1:04 PM | rail
গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলা জনশতাব্দী এক্সপ্ৰেছখন সপ্তাহত ৬ দিনকৈ চলাবলৈ অসম ৰে’ল যাত্রী সন্থাৰ আহ্বান
