আঞ্চলিক সংবাদ

July 11, 2025 11:01 AM

views 24

‘অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিত প্ৰকৃতিৰ প্ৰভাৱ’ বিষয়ক প্ৰতিযোগিতা

● ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গৱেষণা পত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যিক ভিত্তিক এই গৱেষণা পত্ৰ প্ৰতিযোগিতাত ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিক্ষাবিদ আ...

July 11, 2025 10:57 AM

views 38

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ‘গুৱাহাটী শিশু মহোৎসৱ’

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গুৱাহাটী শিশু মহোৎসৱত পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক সিজাৰ বাক্সি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰী বাক্সিয়ে কয়, যে শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী। গ্রন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ...

July 11, 2025 10:33 AM

views 20

শনিবাৰে নিশা ৮.০২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা

■ আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ...

July 11, 2025 10:24 AM

views 54

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই- ই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান...

July 10, 2025 11:27 PM

views 8

প্রকৃত উন্নয়নে আন্তঃগাঁথনিগত প্রগতিকে নহয়, বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায়ঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

প্রকৃত উন্নয়নে আন্তঃগাঁথনিগত প্রগতিকে নহয়, বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায় বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলা ভ্রমণকালত আজি পদ্মশ্ৰী সন্মানপ্রাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্রামীসকলৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰে।...

July 10, 2025 11:20 PM

views 14

অসম মন্ত্ৰীসভাৰ বৈঠকত গাঁওপ্ৰধানৰ দৰমহা বৃদ্ধি, গজমিত্ৰ আঁচনি ৰূপায়ণ, অংগনৱাড়ী কৰ্মী-সহায়িকাৰ পাৰিতোষিক বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছ...

July 10, 2025 10:57 PM

views 28

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰ...

July 10, 2025 10:54 PM

views 13

যোৰহাটত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাট জিলা আৰক্ষীয়ে দুজনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অসম চিকিৎ‍সা পৰিষদৰ বিষয়া ড০ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰিছিল। আজি অমৰজ্যোতি নাথ নামৰ আন এজন ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। বিগত ১৫ বছৰ ধৰি ধৃত ভুৱা চিকিৎসকদ্বয়ে প্রয়োজনীয় অৰ্হতা আৰু পঞ্জীয়ন নথ...

July 10, 2025 10:50 PM

views 10

প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ আৱেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনামৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলাস্তৰৰ আৱেদনৰ আহ্বান জনাইছে। জিলাখনৰ ১৮ বছৰ অনূৰ্ধ্বৰ শিশু অথবা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে আৱেদন কৰিব পাৰিব। আৱেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। জিলা স্তৰত ব...

July 10, 2025 10:47 PM

views 7

ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, মীন পালকসকললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। কৃষি মন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীন পালকসকলক শুভেচ্ছা জনাই কয়, যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।