আঞ্চলিক সংবাদ

June 7, 2025 7:13 PM June 7, 2025 7:13 PM

views 10

ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জিঅ' টেক্সটাইল প্রযুক্তিৰে নিৰ্মাণ কৰা ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। ধেমাজী, চমৰাজান, জীয়াঢল, হাতীগড়, বাটঘৰীয়া আদি কেইবাটাও পঞ্চায়ত আৰু ধেমাজী নগৰৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা জীয়াঢলৰ নৱ নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি ডাঃ পেগুৱে মথাউৰিটোৰ ...

June 7, 2025 7:11 PM June 7, 2025 7:11 PM

views 14

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত হ'ব। অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে।

June 7, 2025 6:40 PM June 7, 2025 6:40 PM

views 16

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত কাইলৈ সন্ধিয়া বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি...

June 7, 2025 6:38 PM June 7, 2025 6:38 PM

views 14

পশ্চিম কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই ৫ গৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্য কর্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্রদান কার্যসূচী অনুষ্ঠিত কৰে।

June 7, 2025 6:36 PM June 7, 2025 6:36 PM

views 13

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ...

June 7, 2025 6:34 PM June 7, 2025 6:34 PM

views 9

মহানগৰৰ ৰূপনগৰত যোৱা নিশা হোৱা ভূমিস্খলনত এজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰূপনগৰৰ পাহাৰৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে। খহি পৰা শিল আৰু মাটিয়ে ৰেণু বৰ্মন আৰু বিনয় সিং নামৰ দুজন লোকৰ ঘৰ ধ্বংসস্তূপত পৰিণত কৰে। খহি পৰা মাটিৰ তলত মনেশ্বৰ ৰাজবংশী নাম...

June 7, 2025 6:31 PM June 7, 2025 6:31 PM

views 9

কনাড পুৰকায়স্থ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা মনোনীত

শাসনাধিস্থিত বিজেপিয়ে অহা ১৯ জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কনাড পুৰকায়স্থক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্রদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯ জুনত অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন...

June 7, 2025 6:24 PM June 7, 2025 6:24 PM

views 17

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পবিত্ৰ ঈদ-উজ্-জোহা পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ-উদ্দীপনাৰে পবিত্ৰ ঈদ-উজ্-জোহা পালন কৰে। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদ নামাজত অংশগ্ৰহণ কৰে৷ চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা ঈদগা...

June 7, 2025 10:38 AM June 7, 2025 10:38 AM

views 32

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে জোনাকী মেল শীর্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জোনাকী মেল শীর্ষক এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শিল্পগ্রাম প্ৰেক্ষাগৃহত সন্ধিয়া পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠান লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়...

June 7, 2025 10:29 AM June 7, 2025 10:29 AM

views 4

ডিব্ৰুগড় জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য-শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।