আঞ্চলিক সংবাদ

July 13, 2025 12:34 PM

views 11

গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ১,০৩৮ বিঘা ভূমি দখলমুক্ত; ১,০৮০টা পৰিয়ালক উচ্ছেদ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত কালি বন বিভাগ আৰু প্ৰশাসনে অভিযান চলাই এহেজাৰ ৩৮ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছ...

July 12, 2025 8:38 PM

views 21

কাইলৈ আই আই টি গুৱাহাটীৰ ২৭ সংখ্যক সমাৱৰ্তন

আই আই টি গুৱাহাটীৰ কাইলৈ ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হ'ব। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে দি পাটি...

July 12, 2025 8:35 PM

views 17

গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াৰ অংশগ্রহণ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াই কৰ্মশালাত অংশগ্রহণ কৰে। নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ এই কৰ্মশালা পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে শুভাৰম্ভ কৰা হয়। বি...

July 12, 2025 7:07 PM

views 18

চিলাপথাৰত অনুষ্ঠিত সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনৰ সামৰণি

ধেমাজী জিলাৰ চিলাপথাৰত ১০ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক প্ৰতিবেদনখনি আজি সামৰণি পৰে। চিলাপথাৰ আৱাসীক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা হোৱা স্মৃতি তর্পন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পাছত মুকলি সভা অন...

July 12, 2025 7:04 PM

views 29

ড° ৰাতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ সামৰণি

লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ড° ৰাতুল বৰাৰ নেতৃত্বত ৬৩৩ নম্বৰ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছদিনীয়া শিবিৰৰ আজি সামৰণি পৰে। যোৱা ৬ জুলাইত এই শিবিৰ মুকলি কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ সামাজিক দায়বদ্ধতা, সামাজিক শৃংখলা আ...

July 12, 2025 7:02 PM

views 27

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সৌজন্যত ১০ জুলাইৰ পৰা কাজিৰঙাত ১৭ সংখ্যক প্ৰকৃতি শিবিৰ অনুষ্ঠিত হৈছে। এই আৱাসিক শিবিৰত স্থানীয় বিদ্যালয়সমূহৰ শতাধিক শিক্ষার্থীয়ে পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি অধ্যয়ন সন্দৰ্ভত প্রশিক্ষণ গ্রহণ কৰিছে।

July 12, 2025 7:00 PM

views 30

গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ জিলাখনলৈ ৰাওনা মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ কাইলৈ জিলাখনলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে চেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লয়।...

July 12, 2025 6:46 PM

views 29

কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ মুৰববী প্রমোদ বড়োৱে কাৰ্যালয় গৃহটোৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্য চৰকাৰৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া বড়ো সাহিত্য সভাৰ এই কার্যালয়ে জনগোষ্ঠীটোৰ সা...

July 12, 2025 6:45 PM

views 27

আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

বাক্সা জিলাৰ শালবাৰীত আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণণ বসুমতাৰীয়ে এই কর্মশালা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত কৰ্মশালাত লোকনৃত্য, সৃজনীশ...

July 12, 2025 8:33 PM

views 25

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগ আৰু প্ৰশাসনে বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত অভিযান চলাই প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।