আঞ্চলিক সংবাদ

June 8, 2025 1:19 PM June 8, 2025 1:19 PM

views 15

গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলা কেন্দ্ৰত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাৰ সপ্তম মৃত্যু বার্ষিকী শ্ৰদ্ধাঞ্জলি

গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক বিশিষ্ট নাট্যকর্মী শুক্রাচাৰ্য ৰাভাৰ সপ্তম মৃত্যু বার্ষিকী উপলক্ষে আজি কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱাই নাট্যকর্মী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি নাট্যকর্মীগৰাকীৰ সহধর্মীনি চিনা ৰাভাই কাৰ্যসূচীৰ শুভাৰম...

June 8, 2025 1:15 PM June 8, 2025 1:15 PM

views 39

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব ৷ এই অনুষ্ঠানত অসম শক্তি ...

June 8, 2025 1:03 PM June 8, 2025 1:03 PM

views 42

ৰাজ্যত মেলেৰিয়াত ১১০০ জন লোক আক্ৰান্ত, তিনিজনৰ মৃত্যু

ৰাজ্যত ১১০০ জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বি টি আৰৰ পাঁচখন জিলাত মেলেৰিয়াৰ সংক্ৰমণ সর্বাধিক। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এপ্ৰিলৰ মাজভাগৰ পৰা বৰষুণ অব্যাহত থকাৰ ...

June 8, 2025 12:58 PM June 8, 2025 12:58 PM

views 10

বজালীৰ পাঠশালাত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন

অহা ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি বজালীৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত সদৌ অসম ভিত্তিক বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ হ'বলগীয়া প্ৰতিযোগিতাত প্রতিযোগীসকলে বিষ্ণু প্রসাদ ৰাভা ৰ...

June 8, 2025 12:46 PM June 8, 2025 12:46 PM

views 8

মণিপুৰৰ পাঁচখন জিলাত ৫ দিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ

মণিপুৰ চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনিটৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ৰাজ্যখনৰ পাঁচখন জিলাত ইণ্টাৰনেট আৰু ম'বাইল ডাটা সেৱা বন্ধ কৰিছে। এই জিলাকেইখন হৈছে- পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং। ৰাজ্যখনৰ গৃহ বিভাগৰ আয়ুক্তসচিব এন অশোক কুমাৰে কৈছে যে, জিলাকেইখনত আইন শৃংখলাৰ পৰিস্থিতিৰ...

June 8, 2025 12:21 PM June 8, 2025 12:21 PM

views 17

অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত কালি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ লৈ বৃদ্ধি পালে। এইবাৰ বানত ৰাজ্যখনৰ...

June 8, 2025 12:18 PM June 8, 2025 12:18 PM

views 13

সোমবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড° ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে।

June 8, 2025 12:14 PM June 8, 2025 12:14 PM

views 15

পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ চমকপ্ৰদ সাফল্য

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে পাৰমাণৱিক শক্তিৰ বিৰল পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চমকপ্রদ সাফল্য কঢ়িয়াই আনিছে। গৱেষকৰ দলটোৱে পদাৰ্থৰ মৌলিক কণিকাৰ মাজত সংঘর্ষ ঘটাই এই অভিনৱ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয়খনে ছুপাৰকণ্ডাক্টিং চাইক্ল’টন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা চলোৱা দেশৰ প্ৰ...

June 8, 2025 12:09 PM June 8, 2025 12:09 PM

views 15

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্রুত হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কেইবাটাও কাৰ্যসূচীৰে নলবাৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে এতিয়াৰে পৰা বিদেশী ন্যায়াধীকৰণৰ আওতালৈ নিয়...

June 8, 2025 12:02 PM June 8, 2025 12:02 PM

views 12

ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে শাসনাধিস্থ এন ডি এ মৰ্চাৰ প্ৰাৰ্থী চূড়ান্ত

শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ'বলগীয়া ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পোনাকন বৰুৱাই কালি বৈশ্যৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ...