আঞ্চলিক সংবাদ

July 11, 2025 7:37 PM

views 25

ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান

চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব...

July 11, 2025 6:04 PM

views 23

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদৰ কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে ১৯৪ গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী...

July 11, 2025 5:51 PM

views 26

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্রয় সন্দৰ্ভত বিতংভ...

July 11, 2025 5:49 PM

views 15

শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত ন...

July 11, 2025 2:49 PM

views 24

দৰং জিলাত জাপানীজ এনচেফেলাইটিছত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু

◆ দৰং জিলাত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে জাপানীজ এনছেফেলাইটিছত দুগৰাকী আৰু এ ই এছ ৰোগত তিনিগৰাকী লোকৰ মৃত্যু ঘটিছে। জিলাখনত বিগত এমাহত দুয়োবিধ বাহকজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পর্যন্ত আন ১৬ জন লোক ...

July 11, 2025 1:07 PM

views 20

গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ আউনীআটি বিদ্যা নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

● গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ মানকটা লক্ষ্মীনগৰত অৱস্থিত আউনীআটি বিদ্যা নিকেতনত কালি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। শিক্ষানুষ্ঠানখনৰ এখন পত্রিকাও ...

July 11, 2025 1:05 PM

views 35

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ১১ দিনীয়াকৈ গুৱাহাটী শিশু মহোৎসৱ

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ভালেমান কার্যসূচী গ্রহণ কৰা হৈছে। পুৱাৰ ভাগত যোগাসনৰ প্ৰশিক্ষণেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত আজিৰেপৰা বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক সমল ব্যক্তিৰূপে লৈ শিশুসকলৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে কেইবাটাও অনুষ্ঠান ৰূপায়ণ কৰিবলৈ লো...

July 11, 2025 11:11 AM

views 25

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা ...

July 11, 2025 11:07 AM

views 19

বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে কাৰ্বি আংলঙত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

● দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিব। তেওঁ ডিফু চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ লংনিত, মহংডিজুৱা আৰু মাঞ্জাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ...

July 11, 2025 11:04 AM

views 31

ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত

● ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত আছে। কালিৰ দিনটোত এনে অভিযানৰ অধীনত মুঠ পাঁচজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰক্ষীয়ে বাহানাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজন হোমিঅ' চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে। আৰক্ষীয়ে ভুৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।