আঞ্চলিক সংবাদ

June 8, 2025 8:48 PM June 8, 2025 8:48 PM

views 3

মণিপুৰৰ পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং জিলাত ইণ্টাৰনেট  সেৱা বন্ধ

মণিপুৰত চিবিআইয়ে যোৱা নিশা আৰাম্বাই টেংগল নামৰ বিদ্রোহী সংগঠনটোৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত সাধাৰণ জনতাই হিংসাত্মক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনি...

June 8, 2025 8:42 PM June 8, 2025 8:42 PM

views 6

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দু...

June 8, 2025 7:53 PM June 8, 2025 7:53 PM

views 15

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ

আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৬ চনৰ আজিৰ তাৰিখতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচক অল ইণ্ডিয়া ৰেডিঅ' নামেৰে আৰু স্বাধীনতাৰ পৰৱৰ্ত্তী সময়ত ১৯৫৬ চনত ইয়াক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৱে কেইবা প্ৰজন্মৰ ধাৰাবাহিকতা ৰক্ষা কৰা এটা শ্ৰৱ্য মাধ্যমৰ জনপ্ৰিয়তা আৰু দেশৰ ...

June 8, 2025 7:46 PM June 8, 2025 7:46 PM

views 8

মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে'লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰে'ল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰে'লপথচোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰে'লপ...

June 8, 2025 7:24 PM June 8, 2025 7:24 PM

views 25

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই  ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি টীয়ক এফ আৰ ইউত উপস্থিত হৈ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। জিলা আয়ুক্তগৰাকী...

June 8, 2025 7:19 PM June 8, 2025 7:19 PM

views 13

এ পি এছ চিৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত  সুকলমে সম্পন্ন

অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত আজি সুকলমে সম্পন্ন হয়। মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ ৫৭,২২২ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ৩২,৫০১গৰাকী পুৰুষ, ২৪,৭২১গৰাকী মহিলা আৰু ৪১৩গৰাকী বিশেষভাৱে সক্ষম আবেদনকাৰী আছে। এই পৰীক...

June 8, 2025 7:16 PM June 8, 2025 7:16 PM

views 16

সোমবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। বিধানসভাৰ বিশেষ অধিবেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ড০ ভূপেন হাজৰিকা নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিবেশনতে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্...

June 8, 2025 7:12 PM June 8, 2025 7:12 PM

views 9

গুৱাহাটীৰ ৰূপনগৰৰ ভূমিস্খলনত মৃত্যু হোৱা মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য

গুৱাহাটীৰ ৰূপনগৰত শুকুৰবাৰে নিশা হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ চৰকাৰে ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দুপৰীয়া ভাগত প্ৰয়াত মনেশ্বৰ ৰাজবংশীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদ...

June 8, 2025 7:04 PM June 8, 2025 7:04 PM

views 14

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিত্ত আৰু কৃষি বিভাগৰ সৈতে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই এই বৈঠকত ২০২৫-২৬ বৰ্ষত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাহায্য আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। আলোচনা কালত চৰকাৰৰ বিভিন...

June 8, 2025 7:00 PM June 8, 2025 7:00 PM

views 12

ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়

ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিৰোধী দল তথা কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ খালী হোৱা আসনৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰে। বৰ্তমান দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধ...