আঞ্চলিক সংবাদ

July 15, 2025 11:52 AM

views 30

ছিকিমত দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি

ছিকিমৰ পায়ং জিলাৰ য়াকটেন গাঁৱত কালি দেশৰ প্ৰথমখন ডিজিটেল যাযাবৰ গাঁও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাজ্যৰ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ কল্যাণ বিভাগৰ উপদেষ্টা তথা বিধায়ক পামিন লেপচাই এই গাঁও মুকলি কৰে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে বহনক্ষম তথা দুর্গম অঞ্চলতো উন্নত ডিজিটেল ব্যৱস্থাৰ সুবিধ...

July 14, 2025 8:00 PM

views 27

পৰহিলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে পৰহিলৈ অসমলৈ আহিব। নেতা দুয়োগৰাকীক আদৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰ...

July 14, 2025 7:58 PM

views 25

গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্বাৱধানত আয়োজিত শিবিৰত অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডাঃ কটকীয়ে অসম প্ৰকাশন পৰিষ...

July 14, 2025 7:56 PM

views 19

কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন ড° ৰবি কোটাৰ

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই চাৰিদিনীয়া বৰাক উপত্যকা ভ্রমণসূচীৰ আজি অন্তিম দিনা কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন কৰে। তেওঁ কৃষক, শ্রমিক আৰু প্ৰশাসনৰ মাজত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবগৰাকীয়ে আজি লক্ষীপুৰৰ মাৰ্কলিন আনাৰস বাগিচা পৰিদৰ্শন কৰে। তেওঁ আনাৰস খেতিয়ক...

July 14, 2025 7:51 PM

views 26

স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহ জীৱনৰ ৰহস্য আৰু উপলব্ধি, প্ৰেমৰ অনুকম্প প্ৰকাশ আৰু পৃথিৱীৰ প্ৰতি ভাল পোৱাৰে সমৃদ্ধ। তেওঁৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক...

July 14, 2025 7:48 PM

views 35

চৰাইদেউত আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত ১০জন লিংকমেন গ্ৰেপ্তাৰ

চৰাইদেউ জিলা আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত ১০জন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে আটকাধীন আলফাৰ লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। সমাগত স্বাধীনতা দিৱসত সম্ভাৱ্য কূটাঘাত ৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। গ্ৰেপ্তাৰ হোৱা লিংকমেনসকল হ...

July 14, 2025 6:38 PM

views 51

গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত

ৰাজ্যৰ প্ৰথম আৰু শ্ৰেষ্ঠ পৰিষ্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বঙাইগাঁও শোধনাগাৰৰ এটা দলে যোৱা ১ জুলাইৰ পৰা স্বচ্ছতা পষেক অনুষ্ঠিত কৰিছে। পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই অভিযানৰ আয়োজন কৰা হৈছে। আজি বঙাইগাঁও শোধনাগাৰৰ দুগৰাকী বিষয়াসহ কৰ্মচাৰীৰ এটা দলে গাঁওখনত উপস্থিত হৈ সজাগতা স...

July 14, 2025 6:35 PM

views 11

মানকাচৰ জিলাৰ সোণাপুৰত মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫০ হাজাৰটা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্ল...

July 14, 2025 7:44 PM

views 45

বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে এবছুৰ স্মাৰক পত্ৰ দাখিল

নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সম ভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা- এবছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক দুখন স্মাৰক পত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নির্বাচন আয়োগক দাখিল কৰা স্মাৰক পত্ৰত বিটিচিৰ ভোটাৰ তালিকা অসম...

July 14, 2025 6:30 PM

views 12

আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত অজিত কুমাৰ ভূঞাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰিৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সেই অনুসৰি আজি অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।