আঞ্চলিক সংবাদ

June 10, 2025 6:46 PM June 10, 2025 6:46 PM

views 18

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ সমাধানৰ বাবে চৰকাৰৰ পৰা বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে। আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভাপতি শিৱপ্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয়, যে...

June 10, 2025 6:33 PM June 10, 2025 6:33 PM

views 23

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু...

June 10, 2025 6:41 PM June 10, 2025 6:41 PM

views 17

লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ'বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ...

June 10, 2025 1:10 PM June 10, 2025 1:10 PM

views 5

মেঘালয়ৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাজাবালা থানা এলেকাৰ অধীনৰ গোৰবান্ধত আজি পুৱা দুখন যাত্রীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্রী আহত হয়। পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে এখন নৈশ বাছ আৰু মানকাচৰৰ পৰা গোৱালপাৰালৈ গৈ থকা বাছ দুখনৰ মাজত মুখামুখি সংঘর্ষ হয়। এই দুৰ্ঘটনা...

June 10, 2025 1:09 PM June 10, 2025 1:09 PM

views 18

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ১৯৭৯ চনত গোলাঘাট নগৰৰ বেঙেনাখোৱাত স্থাপন কৰা আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত এইবছৰৰ পৰা ৫ বছৰীয়া আইনী পাঠ্যক্ৰমৰ সংযোজনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাৰ কাউঞ্চিল অব্ ইণ্ডিয়াই ৫ বছৰীয়া আইন স্নাতক প...

June 10, 2025 1:08 PM June 10, 2025 1:08 PM

views 9

অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা

অ' এন জি চিয়ে তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিছে। এই কেন্দ্ৰসমূহৰ ভিতৰত অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত ২৮ টা কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত স্মার্ট টি ভি, ব্লুটুথ স্পীকাৰ, শিক্ষামূলক...

June 10, 2025 1:06 PM June 10, 2025 1:06 PM

views 42

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়ন শিবিৰ সম্পন্ন হোৱাৰ পাছত সম্প্রতি জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই প্রক্রিয়া চলি আছে। উল্লেখযোগ্য যে প্রধানমন্...

June 10, 2025 1:05 PM June 10, 2025 1:05 PM

views 4

বিক্ৰম কৈৰীৰ অধ্যক্ষতাত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন -গ্রামীনৰ অধীনত এৰী পালনৰ যাৱতীয় সা-সঁজুলিৰ বিতৰণৰ বাবে ৰেচম উৎপাদনৰ লগত জড়িত বচা বচা মহিলা হিতাধিকাৰীৰ চূড়ান্ত তালিকাত অনু...

June 10, 2025 1:03 PM June 10, 2025 1:03 PM

views 8

ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ সভা অনুষ্ঠিত

চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলক পাঁচ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈ...

June 10, 2025 12:53 PM June 10, 2025 12:53 PM

views 20

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলা অন্তৰ্ভূক্ত

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ'ব। কালি বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী-মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ ...