ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2025 1:08 PM | Anganbadi

printer

অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা

অ’ এন জি চিয়ে তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিছে। এই কেন্দ্ৰসমূহৰ ভিতৰত অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত ২৮ টা কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত স্মার্ট টি ভি, ব্লুটুথ স্পীকাৰ, শিক্ষামূলক সামগ্ৰী আদিৰ আধুনিক সুবিধা সংযোজন কৰা হৈছে। প্ৰায় পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ হস্তান্তৰ প্ৰক্ৰিয়া অলপতে শিৱসাগৰত আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়।

 

অধিক পঢ়ক

সকলো চাওক