আঞ্চলিক সংবাদ

July 2, 2025 8:06 PM July 2, 2025 8:06 PM

views 8

শিৱসাগৰত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত

শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমুৰীয়া ঘাটত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰ কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছে। দিখৌ নৈত গা ধুবলৈ যোৱা একেখন বিদ্যালয়ৰ ৬ জন কিশোৰৰ দুজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই।  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিশোৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু কাপোৰ ...

July 2, 2025 8:04 PM July 2, 2025 8:04 PM

views 12

মুখ্যমন্ত্রী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ৬ জন লোকক গ্ৰেপ্তাৰ

গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত এতিয়ালৈ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত দীপাংকৰ ডেকা, ঋষিৰাজ বাৰতিয়াল, প্ৰাণ হৰি ফ...

July 2, 2025 8:00 PM July 2, 2025 8:00 PM

views 3

দেশভক্তি দিৱস উপলক্ষে অহা ২৭ জুলাইত কুইজ প্রতিযোগিতাৰ আয়োজন

দেশভক্তি দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে অহা ২৭ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ নেতৃত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্রদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ প্ৰয়াস হিচাপে এই কুইজ প...

July 2, 2025 7:58 PM July 2, 2025 7:58 PM

views 13

২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা অসম প্ৰকাশন পৰিষদৰ

অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়োকে ধৰি অন্যান্য জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ ২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি পৰিষদে গ্রন্থবৰ্ষ ২০২৫ ফেলশ্বিপ' শীর্ষক প্রকল্প গ্রহণ কৰিছে। এই প্ৰকল্পৰ অধীনত লেখ...

July 2, 2025 7:38 PM July 2, 2025 7:38 PM

views 3

জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত পীযুষ হাজৰিকাৰ বৈঠক

ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্রী পীযুষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ এই প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বুজ লয়। প্ৰতিখন জিলাৰ অভিযন্তাসকলে এই বৈঠকত ভার্চুৱেলী অংশগ...

July 2, 2025 7:14 PM July 2, 2025 7:14 PM

views 10

অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু বি টি চি নির্বাচন সম্পর্কত মুখ্যমন্ত্ৰীৰ মত বিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বি টি চি নির্বাচন সম্পর্কত মত বিনিময় কৰিব। জিলা প্রশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয়, যে মুখ্যম...

July 2, 2025 6:58 PM July 2, 2025 6:58 PM

views 12

ৰাজ্যত চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু ৰাজ্যত কাম চলি থকা আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ৰাজ্যৰ ধবজাবাহী আন্তঃগাঁথনি প্রকল্পসমূহৰ পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে এই প্রকল্পসমূহৰ কাম সম...

July 2, 2025 2:13 PM July 2, 2025 2:13 PM

views 3

পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰীৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ

ৰে’ল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰে'লৰ ই-টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে চানমাৰিৰ গান্ধীবস্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। ৰে'ল আৰক্ষীৰ তদন্তত ইতিমধ্যে অভিযুক্তজনে দীর্ঘদিন ধৰি ৰে'লৰ ই-টিকট অবৈধভাৱে প্ৰ...

July 2, 2025 2:09 PM July 2, 2025 2:09 PM

views 9

চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত ডিব্ৰুগড় জিলা আয়ুক্তৰ পৰ্যালোচনা সভা

● ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত কালি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া ...

July 2, 2025 1:59 PM July 2, 2025 1:59 PM

views 7

‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি’ বিষয় সন্দৰ্ভত যোৰহাটত যুৱ সংসদৰ আয়োজন

● যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি' বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয...