আঞ্চলিক সংবাদ

August 4, 2025 1:00 PM

views 261

অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমৰ আজি ৬১ বছৰত পদার্পণ

অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমে হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আজি ৬১ বছৰত পদার্পণ কৰিছে। ১৯৬৫ চনৰ আজিৰ দিনটোতে দৈনিক অসমৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল। দৈনিক অসমৰ হীৰক জয়ন্তী বৰ্ষ সমাপ্ত হোৱাৰ গৌৰৱোজ্জ্বল ক্ষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নড়জনে কাকতখনৰ লগতে ইয়াৰ সৈতে জড়িত স...

August 4, 2025 12:57 PM

views 15

আজি আনুষ্ঠানিকভাৱে শৰাইঘাট লেক পার্কখন মুকলি

কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট দলঙৰ সমীপত অসম পর্যটন নিগমে নিৰ্মাণ কৰা অত্যাধুনিক শৰাইঘাট লেক পার্কখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া এই অত্যাধুনিক উদ্যানখন মুকলি কৰিব। ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

August 4, 2025 12:54 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। যোৱা বছৰ স্বাধীনতা দিৱসত ৰাজ্যৰ বিভিন্ন স্থানত ২২টাকৈ আই ডি উদ্ধাৰ হোৱাৰ পাছত এইবাৰ যাতে উগ্ৰপন্থী সংগঠনে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পূৰ্বৰে পৰা সতর্কতা অৱলম্বন কৰিছে।...

August 4, 2025 12:52 PM

views 28

গীতা উপাধ্যায়ক ২০২৫ বৰ্ষৰ পদ্মশ্ৰী বঁটা অৰ্পণ

বিশিষ্ট লেখিকা, অনুবাদক তথা শিক্ষাবিদ গীতা উপাধ্যায়ক ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি তেওঁৰ তেজপুৰৰ বাসগৃহত সাক্ষাৎ‍ কৰি ২০২৫ বৰ্ষৰ পদ্মশ্ৰী বঁটা অৰ্পণ কৰে। উল্লেখযোগ্য যে যোৱা মেত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত পদ্ম বঁটা প্ৰদান অনুষ্ঠানত স্বাস্থ্যজনিত কাৰণত সাহিত্যিকগৰাকী উপস্থিত থাকিব পৰা নাছিল...

August 4, 2025 12:48 PM

views 20

২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য

বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হো...

August 4, 2025 12:45 PM

views 11

পহিলা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীসকলৰ ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ

পহিলা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ডৰ গৰাকীসকলে ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ে ঘোষণা কৰিছে। কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায...

August 4, 2025 12:42 PM

views 21

প্ৰায় ৪,২৪০ হেক্টৰ ভূমি দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় চাৰি হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰ...

August 4, 2025 12:39 PM

views 16

উৰিয়ামঘাটৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ, ১০০০ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰু পথাৰৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু ৩ নম্বৰ ৰজা পুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত ...

August 4, 2025 12:37 PM

views 22

বিটিচিত কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

বিটিচিত জনজাতি, কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে। তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয...

August 3, 2025 9:08 PM

views 17

গোলাঘাট জিলাৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনৰ ৮ আগষ্টত উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনে অহা ৮ আগষ্টত উচ্ছেদ দিন ধাৰ্য কৰাৰ পাছতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। সৰুপথাৰত কালি এখন সংবাদমেলত বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২০৫টা পৰিয়ালক অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।