ৰাষ্ট্ৰীয়

May 28, 2025 10:35 AM

views 16

দেশত কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

দেশত কাইলৈ বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ওড়িশাৰ পুৰীৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানত সমগ্ৰ দেশৰ ৭০০ৰো অধিক জিলা সামৰি লোৱা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ...

May 28, 2025 10:34 AM

views 20

সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ভাৰতৰ

ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই উদ্দেশ্যে গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্রমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তাৰ বিষয়ে অৱগত কৰিছে। ডি এম কে সাংসদ কানিমুড়ি কৰুণানিধিৰ নেতৃত্বত প্ৰতি...

May 28, 2025 10:32 AM

views 11

নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মণিপুৰৰ কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটীৰ বৈঠক

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৌহার্দ্যপূর্ণ সমাধানৰ বাবে ৰাজ্যখনৰ নাগৰিক সমাজ সংগঠনৰ শীৰ্ষ সংস্থা কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটী চমুকৈ কোকোমিৰ সাতজন সদস্যৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্রালয়ে কোকোমিৰ প্ৰতিনিধি দলটোক এ...

May 28, 2025 10:30 AM

views 20

চলিত বৰ্ষৰ ২৮ জুনৰ পৰা ভাৰতীয় ৰেলৱেৰ ‘ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ’

ভাৰতীয় ৰেলৱে চলিত বৰ্ষৰ ২৮ জুনৰ পৰা হ'বলগীয়া ৰোমাঞ্চকৰ 'ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ' উপলক্ষে  ভাৰত গৌৰৱ শীত তাপ নিয়ন্ত্ৰিত পৰ্যটন ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে আকাশবাণী নিউজৰ সৈতে হোৱা কথা-বতৰাত কয় যে দিল্লীৰ চফদৰজং ষ...

May 28, 2025 10:28 AM

views 12

নতুন দিল্লীত কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত বস্ত্ৰ মন্ত্ৰালয়ৰ বস্ত্ৰ পৰামৰ্শদাতা গোটৰ বৈঠক

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ সভাপতিত্বত কালি নতুন দিল্লীত বস্ত্র মন্ত্রালয়ে কপাহ আৰু মানৱসৃষ্ট আঁহ বা এম এম এফ সম্পর্কে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্রগতি পর্যালোচনাৰ বাবে বস্ত্ৰ পৰামৰ্শদাতা গোটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গিৰিৰাজ সিঙে কপাহ উৎপাদনশীলতা অভিযানৰ ওপৰত আলোকপাত কৰে আৰ...

May 28, 2025 10:26 AM

views 14

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মাৰ ৮৫ আৰু বিৰ...

May 27, 2025 8:37 PM

views 56

ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু নৌসেনা বাহিনী

নৌসেনা বাহিনীয়ে নাৱিকা সাগৰ পৰিক্ৰমা কাৰ্য্যসূচীৰ দ্বিতীয় সংস্কৰণৰ অধীনত ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সফলতাৰে সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু হৈছে। নৌসেনা বাহিনীয়ে এটা বিবৃতিযোগে কৈছে, যে এই পৰিক্ৰমা সম্পন্ন কৰি লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা এ আৰু লেফটেনেণ্ট কমাণ্ডাৰ দিলনা ...

May 27, 2025 8:35 PM

views 12

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বৃদ্ধি

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ চি বি ডি টিয়ে এইবছৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। চি বি ডি টিয়ে এটা বিবৃতিযোগে কৈছে, যে ইয়াৰ ফলত সংশ্লিষ্ট পক্ষসমূহে আই টি আৰ দাখিলৰ প্ৰ-পত্ৰৰ গুৰুত্বপূৰ্ণ সংশোধন, যাৱতীয় প্ৰণালীৰ উন্নয়নৰ আৱশ্যকতা আৰু টি ডি এছ ক্রেডিট ৰিফ...

May 27, 2025 8:33 PM

views 28

বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ সন্দৰ্ভত কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি বীৰ চাৱাৰকাৰৰ নাম প্ৰতীক আৰু নামৰ অনুচিত প্ৰয়োগ প্ৰতিৰোধ আইনৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰে। বিৰোধী নেতা ৰাহুল গান্ধীৰ মন্তব্যই চাৱাৰকাৰক অপমান কৰা বুলি উল্লেখ কৰি আবেদনকাৰীগৰাকীয়ে গান্ধীৰ মন্তব্যই স্বাধীনতা সংগ্রামীসকলক অসম্মান কৰাৰ ল...

May 27, 2025 8:31 PM

views 91

কৃত্রিম বুদ্ধিমত্তাই ভৱিষ্যতে যুৱ প্ৰজন্মক শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব বুলি জিতিন প্ৰসাদৰ প্ৰকাশ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে দেশৰ যুৱ প্ৰজন্মৰ বাবে এ আই অর্থাৎ কৃত্রিম বুদ্ধিমত্তাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, যে ই ভৱিষ্যতে শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব। নতুন দিল্লীত শিক্ষাত কৃত্রিম বুদ্ধিমত্ৰাৰ গুৰুত্ব বিষয়ক PADH AI শীর্ষক সন্মিলন সম্বোধন কৰি তেওঁ কয়, ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।