ডাউনলোড
মোবাইল এপ

android apple
signal

May 27, 2025 8:31 PM | jitin prashad

printer

কৃত্রিম বুদ্ধিমত্তাই ভৱিষ্যতে যুৱ প্ৰজন্মক শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব বুলি জিতিন প্ৰসাদৰ প্ৰকাশ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে দেশৰ যুৱ প্ৰজন্মৰ বাবে এ আই অর্থাৎ কৃত্রিম বুদ্ধিমত্তাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, যে ই ভৱিষ্যতে শিক্ষা আৰু দক্ষতা বিকাশত সহায় কৰিব। নতুন দিল্লীত শিক্ষাত কৃত্রিম বুদ্ধিমত্ৰাৰ গুৰুত্ব বিষয়ক PADH AI শীর্ষক সন্মিলন সম্বোধন কৰি তেওঁ কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তা অভিযানৰ লক্ষ্য হৈছে শিক্ষা, কৌশল বিকাশ, উদ্ভাৱন আৰু দেশৰ ষ্টাৰ্ট আপ আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিশ্বমানৰ কৰি গঢ়ি তোলা। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ধিত প্ৰয়োগৰ সম্ভাৱনাৰ বিষয়েও উল্লেখ কৰে। PADH AI সন্মিলন ভাৰতীয় শিক্ষা ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বিভিন্ন দিশ তথা সমস্যা সম্পর্কে আলোচনাৰ বাবে আয়োজন কৰা হৈছে। দেশৰ নীতি নির্ধাৰণ, শৈক্ষিক বিশেষজ্ঞ, কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞ আৰু শিক্ষা উদ্যমীসকলক একত্ৰিত কৰি দেশৰ শিক্ষা আৰু কৰ্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত এ আইৰ ভূমিকা আলোচনাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক