ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মণিপুৰৰ কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটীৰ বৈঠক

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৌহার্দ্যপূর্ণ সমাধানৰ বাবে ৰাজ্যখনৰ নাগৰিক সমাজ সংগঠনৰ শীৰ্ষ সংস্থা কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্ৰিটী চমুকৈ কোকোমিৰ সাতজন সদস্যৰ এটা প্ৰতিনিধি দলে কালি নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্রালয়ে কোকোমিৰ প্ৰতিনিধি দলটোক এই সপ্তাহৰ আৰম্ভণিতে বিশেষ আমন্ত্ৰণ দিছিল। মন্ত্ৰালয়ৰ হৈ উত্তৰ-পূব পৰিক্ৰমা উপদেষ্টা এ কে মিশ্ৰ আৰু যুটীয়া সঞ্চালক ৰাজেশ কামলেই প্রতিনিধিত্ব কৰে। প্ৰতিনিধিৰ দলটোৱে যোৱা ৩ মে’ত ইম্ফলত আয়োজিত বিশাল গণ সমাৱেশত গ্ৰহণ কৰা প্ৰস্তাৱ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। বৈঠকত শেহতীয়া গোৱালটাবিৰ ঘটনাত সেনাবাহিনীৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহণ বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নির্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বিষয়ে আলোচনা কৰা হয়। সংস্থাটোৱে লগতে এই সংঘৰ্ষক লৈ কোকোমি আৰু অন্যান্য অংশীদাৰসকলৰ স্থিতি সন্দৰ্ভতো আলোকপাত কৰে।

অধিক পঢ়ক

সকলো চাওক